নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ জুলাই, শাওণ মাহৰ ৭ তাৰিখ
সোমবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : হস্তা, যাত্রা : নাই

মেষ : আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ ৷ আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব ৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব ৷ শুভ সংখ্যা ৫ ৷
বৃষ : কর্মক্ষেত্রত জটিলতা আছে ৷ সন্ধ্যা তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব ৷ নীলা ৰং আপোনাৰ বাবে শুভ ৷ প্রেমত শুভ ৷ যাত্রা নকৰাই উচিত ৷ শুভ সংখ্যা ৫৷
মিথুন : আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ ৷ আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব ৷ শুভ কাম কৰিব ৷ বগা ৰং আপোনাৰ শুভ ৷ শুভ সংখ্যা ৬ ৷
কর্কট : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব ৷ পুৱা যাত্রা কৰিব পাৰে ৷ আপোনাৰ শুভ ৰং সেউজীয়া ৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব ৷ শুভ সংখ্যা ৬ ৷
সিংহ : কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব ৷ পুৱাৰ ভাগত ৰঙা বস্ত্র পৰিধান কৰি মন্দিৰত যাব ৷ যাত্রা সন্ধিয়া পাঁচ বজাৰ পিছত নকৰিব ৷ শুভ সংখ্যা ৭ ৷
কন্যা : পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে ৷ মন্দিৰত পূজা–পাতল কৰা ভাল ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ৪ ৷
তুলা : কর্মক্ষেত্রত উন্নতিৰ যোগ আছে ৷ কোনো সমস্যাৰ সমাধান হ’ব ৷ আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জ্বলাব ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ২ ৷
বৃশ্চিক : ব্যৱসায়ত কঠিন পৰিশ্রমৰ অন্তত দিনটোত সফলতা ৷ বিদ্যার্থীসকলৰ শুভ ৷ বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব ৷ শুভ সংখ্যা ৩ ৷
ধনু : কর্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব ৷ পুৰণি ৰোগৰ উপশম ঘটিব ৷ কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক ৷ পুৱাৰ ভাগত যাত্রা কৰিব ৷ শুভ সংখ্যা ২ ৷
মকৰ : আর্থিকত শুভ ৷ শৰীৰ মধ্যম ৷ উত্তৰ দিশত যাত্রা নকৰিব ৷ মেৰুন ৰং ব্যৱহাৰ কৰক ৷ বিদ্যার্থীসকলৰ শুভ ৷ শুভ সংখ্যা ৯ ৷
কুম্ভ : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব ৷ ঘৰুৱাত শুভ ৷ যাত্রা নকৰাই ভাল ৷ সন্ধিয়া মন্দিৰত যাব ৷ ক’লা ৰং আপোনাৰ বাবে শুভ ৷ শুভ সংখ্যা ৮ ৷
মীন : কথা–বতৰাত সতর্কতাৰ প্রয়োজন ৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ ৷ বেঙুনীয়া ৰং ব্যৱহাৰ কৰিব ৷ প্রেমৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব ৷ শুভ সংখ্যা ৭ ৷

You might also like