নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰম বন্ধ : ঢকুৱাখনাত সৃষ্টিশীল কৰ্মত ব্যস্ত এজাক শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ এজাক কণ কণ শিশু, কিশোৰ কিশোৰীৰ মাজত ভীষণ ব্যস্ততা। যান্ত্রিকতা আৰু একঘেৱামী পৰিৱেশৰ পৰা কিঞ্চিৎ আঁতৰি প্ৰচণ্ড গৰমকো নেওচি গীত নৃত্য আৰু অভিনয়ৰ অনুশীলন আৰু আখৰাত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ এজাক কণ কণ শিশু, কিশোৰ-কিশোৰী। কোনোৱে যদি গীত গাইছে, কোনোৱে নৃত্য কৰিছে আন কোনোৱে আকৌ সাৱলীল কন্ঠ, সংলাপ প্ৰক্ষেপ,মনোগ্রাহী অভিনয়েৰে পৰিচয় দিছে চিৰিয়াচ নাট্য কৰ্মীৰ।সন্তানৰ লগতে অভিভাৱকসকলৰো উৎসাহ দেখি আয়োজক, প্ৰশিক্ষকসকল আনন্দিত হৈ পৰিছে ৷ উল্লেখ্য যে ঢকুৱাখনা মহকুমা তথা সমীপৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক নাট্যকলা শিক্ষণ-প্ৰশিক্ষণৰ জৰিয়তে এটা সুস্থ, সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলিবলৈ সক্ষম হোৱা ঢকুৱাখনা নাট্য বিদ্যালয়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো এমহীয়া এক গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ অনুষ্ঠিত কৰিছে।অসম চৰকাৰৰ সাস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত ঢকুৱাখনা নৰ্মাল স্কুলত ১৫জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালাত ঢকুৱাখনা মহকুমাৰ বিভিন্ন প্ৰান্তৰ ২ শতাধিক শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। নাটক, আবৃত্তি আৰু তৰ্ক বিষয়ৰ উপৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কেইবাগৰাকী বিশেষজ্ঞ প্ৰশিক্ষক ,নাট্য সাধক, নৃত্য পৰিচালকৰ তত্বাৱধানত এইসকল কণ কণ শিশু, কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে বুলি ঢকুৱাখনা নাট্য বিদ্যালয়ৰ প্ৰধান সচিব গণেশ চমুৱাই জানিবলৈ দিছে। সম্প্ৰতি কৰ্মশালাখনত অংশগ্ৰহন কৰা কণ কণ শিশু, কিশোৰ-কিশোৰীসকলে শিশুসুলভ মনেৰে অভিনয়, কবিতা আবৃত্তি, নৃত্য, সাধুকোৱা বিষয়ৰ প্ৰশিক্ষণত স্ব-প্ৰতিভাৰে অনুশীলন কৰাত মুখৰিত হৈ পৰে নৰ্মাল স্কুল ঢকুৱাখনাৰ বাকৰি৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like