বিশেষ বাৰ্তা, ২৬ জুলাইঃ মহানগৰীৰ আমচিং যোৰাবাটত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে হাতী-মানুহৰ সংঘাত। এই আমচিং অঞ্চলতে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ এটা সপ্তাহ পিছতে আজি প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয় এজন প্ৰাক্তন সেনা জোৱান। আহত জোৱানজন আমচিং যোৰাবাটৰ প্ৰদীপ বৰা (৬৪) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা প্ৰায় চাৰে পাঁচ বজাত প্ৰাক্তন সেনা জোৱানজনে দৈনন্দিনৰ দৰে প্ৰাতঃভ্ৰমন কৰিবলৈ ওলাই আহে। প্ৰাতঃভ্ৰমন কৰি থকা অৱস্থাত আকস্মিকভাৱে বন্যহস্তীৰ মুখামুখি হয়। বন্যহস্তী দেখি কিংকৰ্তব্যবিমূঢ় হৈ আঁতৰি যাবলৈ লওঁতেই আক্ৰমণ কৰে জোৱানজনক। ফলত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। লগে লগে স্থানীয় ৰাইজে ডাউন টাউন হাস্পতালত ভৰ্তি কৰায়। জানিব পৰা মতে সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰাক্তন সেনা জোৱান।
প্ৰেৰক বিভাষ দাস