নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেৰাহে তৃতীয়বাৰলৈ তিনি মহিলাক নলবাৰী জিলা চলোৱাৰ দায়িত্ব চৰকাৰৰ

🔴নলবাৰীৰ প্ৰথম জিলা আয়ুক্ত হিচাপে নিযুক্তি বৰ্ণালী ডেকাক
🔴গৃহজিলাৰ জীয়ৰী বৰ্ণালী ডেকাক লৈ আনন্দিত গাঁওবাসী 
বিশেষ বাৰ্তা, ২৭ জুলাই : একেৰাহে তৃতীয়বাৰলৈ তিনি মহিলাই নলবাৰী জিলা চলোৱাৰ এক ইতিহাস হৱলৈ ওলোৱা বিষয়টোৱে জিলাখনৰ বিভিন্ন মহলত বিষয়টোৱে চৰ্চা লাভ কৰিবলৈ লৈছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী শীৰ্ষ আমোলা মহিলাক জিলা প্ৰশাসনৰ মুৰব্বী পাতি জিলা চলাৰ দায়িত্ব অৰ্পন কৰাই নহয় জিলাখনৰ প্ৰথমগৰাকী জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে বৰ্ণালী ডেকাক। ইয়াৰ লগে লগে জিলাখনৰ প্ৰথমগৰাকী মহিলা আই এ এছ (পূৰ্বৰ জিলা উপায়ুক্ত) জিলা আয়ুক্ত হিচাপে যোগদান কৰাৰ কৃতিত্ব অৰ্জন কৰিৱলৈ লৈছে। ৰাজ্য চৰকাৰৰ পাৰ্চনেল(এ) বিভাগে যোৱা ২২ জুলাইৰ এক নিৰ্দ্দেশ যোগে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক নলবাৰীৰ জিলা আয়ুক্ত (প্ৰথম) হিচাপে নিযুক্তি দিছে। উল্লেখ্য যে, এ চি এছ বিষয়া পুৰৱী কোঁৱৰৰ পিছত দুবছৰ পূৰ্বে নলবাৰীত আন এগৰাকী এ চি এছ বিষয়া গীতিমণি ফুকনৰ পিছত নলবাৰীলৈ আগমন ঘটিল আই এ এছ  বৰ্ণালী ডেকাৰ।শীৰ্ষ আমোলা বিষয়া বৰ্ণালী ডেকাই অহা সপ্তাহত নলবাৰীত যোগদান কৰিৱ বুলি ‘নিয়মীয়া বাৰ্তা’ক জানিবলৈ দিয়ে। জানিব পৰা মতে, ২০০০ চনৰ ৬ জুনৰ দিনা দায়িত্বভাৰ গ্ৰহন কৰা নলবাৰীৰ প্ৰথমগৰাকী মহিলা জিলা উপায়ুক্ত পুৰৱী কোঁৱৰৰ পিছত ২০২১ চনৰ ২৪ মে’ৰ পৰা আন এগৰাকী মহিলা গীতিমণি ফুকনে উপায়ুক্ত হিচাপে  দায়িত্বভাৰ গ্ৰহন কৰে। উল্লেখ্য যে নলবাৰী জিলাৰ অতি পিছপৰা অঞ্চল হিচাপে খ্যাত দৰঙ্গীপাৰা গাঁৱৰ জীয়ৰী বৰ্ণালী ডেকা জিলাখনৰ  জিলা আয়ুক্ত হিচাপে দিয়া নিযুক্তিৰ খবৰে বৃহত্তৰ অঞ্চলবাসীক আনন্দিত কৰি তুলিছে। গাওঁখনৰ বিশিষ্ট নাগৰিক তথা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ দূৰসংযোগ বিভাগৰ অৱসৰী উপ সঞ্চালক প্ৰধান (ডি আই জি) কমলেশ্বৰ ডেকাৰ সুযোগ্যা কন্যা বৰ্ণালী ডেকা আৰু তেওঁলোকৰ পৰিয়ালটোক লৈ অঞ্চলবাসী আজিও গৌৰৱান্বিত। জিলাখনৰ জীয়ৰী হিচাপে নলবাৰী জিলাৰ প্ৰশাসনৰ মুৰব্বী অৰ্থাৎ জিলা আয়ুক্ত বা উপায়ুক্ত হিচাপে যোগদান কৰা প্ৰথম গৰাকী আমোলা বিষয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছে বৰ্ণালী ডেকা। জানিব পৰা মতে, জন্ম সূত্ৰে দেউতাক নলবাৰীৰ যদিও বৰ্ণালী ডেকাৰ জন্ম হৈছিল দিল্লীত। দিল্লীত জন্ম আৰু কৰ্মসূত্ৰে নলবাৰীৰ বাহিৰত যদিও বৰ্ণালী ডেকাই আজিও শিপাক পাহৰা নাই। বিগত বিভিন্ন সময়ত গাঁৱলৈ অহা, গাঁৱত কটাই ভাল পোৱা  বৰ্ণালী ডেকাৰ আজিও গাঁৱতেই আছে ভোটাধিকাৰ। এইগৰাকী জিলা আয়ুক্তই আগন্তুক সময়ত গৃহ জিলা নলবাৰীৰ বাবে কি উল্লেখনীয় অৱদান আগবঢ়াই সেয়া লক্ষনীয় হিচাপে বিবেচিত হৈছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like