বিশেষ বাৰ্তা, ২৭ জুলাইঃ মহানগৰ আৰক্ষীৰ জালত পৰিছে এটা বৃহৎ চাইবাৰ চক্ৰ। এটিএমৰ পিন সলনিক লৈ বহু লোকক প্ৰৱঞ্চনা কৰি আহিছিল চাইবাৰ গেংটোৱে। প্ৰথমে লক্ষ্য কৰা লোকক মবাইলত মেছেজ দিয়ে এই চক্ৰটোৱে। তাৰ পিছত দেখুৱাই এটিএম ব্লক কৰাৰ ভয়। পৰবৰ্তী সময়ত মবাইলত আহে এটা অটিপি। আৰু শেষত সেই অটিপি লৈ একাউণ্টৰ ধন সৰকাই আহিছিল চক্ৰটোৱে। কলকাতাৰ এটা চক্ৰ জড়িত হৈ আছে এই চাইবাৰ চক্ৰটোত। ঘটনা সন্দৰ্ভত ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তাৰেই তিনি মাষ্টাৰমাইণ্ড গুৱাহাটীৰ বশিষ্ঠৰ আৰু বাকীকেইটা কলকাতাৰ। অপৰাধীকেইটাক হাজিৰ কৰোৱা হৈছে আদালতত।