নিয়মীয়া বাৰ্তা, ২৮ জুলাই : যি সময়ত দেশৰ দৰিদ্ৰক আৰ্থিক সকাহ দিয়াৰ লক্ষ্য ৰাখি চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত খাদ্য সুৰক্ষাৰ চাউল বিনামূলীয়াকৈ যোগান ধৰি আহিছে, তেনে সময়তে এই খাদ্য সুৰক্ষা আইনৰ নতুনকৈ কাৰ্ড যোগানৰ বাবদ পশ্চিম দৰঙত হিতাধিকাৰীৰ পৰা ন্যূনতম তিনিশৰ পৰা পাঁচশ আৰু সৰ্বোচ্চ তিনি হাজাৰলৈ ধন লোৱাৰ অভিযোগ উঠিছে । এই উৎকোচ দৰং জিলা খাদ্য আৰু যোগান বিভাগৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ হোৱাৰ অভিযোগ উঠিছে । পশ্চিম দৰঙৰ পাথৰিঘাট, বোনমাঝা আৰু সৰাবাৰী সমবায় সমিতিসমূহৰ অন্তৰ্গত গাঁওসমূহৰ সূলভ মূল্যৰ প্ৰায়বোৰ দোকানৰেই দোকানীয়ে নতুন হিতাধিকাৰীৰ পৰা যোগান বিভাগৰ নামত এই ধন তুলিছে । উল্লেখযোগ্য যে নতুনকৈ হবলগীয়া খাদ্য সুৰক্ষাৰ কাৰ্ডৰ বাবে সমগ্ৰ ছিপাঝাৰ ব্লকৰ অধীনত প্ৰায় ছয় হাজাৰ হিতাধিকাৰী তালিকাভুক্ত হৈছে । এনে পৰিপ্ৰেক্ষিতত প্ৰায় ন্যূনতম ৩০ লাখ টকাৰ হিচাপ এটা আহি পৰিছে । যি সময়ত উৎকোচ লোৱাৰ অপৰাধত দৈনিক বিষয়া-কৰ্মচাৰীক দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰি আহিছে, তেনে সময়তে সুলভ মূল্যৰ দোকানীৰ জৰিয়তে ধন তোলা কোন এই বিষয়া, তাৰ তথ্য কোনোবা দিনা ওলাবনে- এই প্ৰশ্ন পশ্চিম দৰঙত । ইফালে, যোগান বিভাগৰ ছত্ৰছায়াতে দোকানী একাংশই হোৱাইটনাৰ লেপি দোকানৰ নাম সলোৱাৰ অভিযোগ উঠিছে । যাৰ ফলত হবলগীয়া হিতাধিকাৰী মনে নিবিচৰাকৈ দূৰৈৰ দোকানৰ পৰা সামগ্ৰী লবলৈ বাধ্য হবলগীয়া ঘটনা সংঘটিত হৈছে । এনেবোৰ বিসংগতিৰ মূলতে দৰং যোগান বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সহযোগ আছে বুলি চৰ্চা লাভ কৰিছে ।
প্ৰেৰক চক্ৰধৰ ডেকা