নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত তিনিদিনে বানৰ মাজত চৰকাৰী বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৮ জুলাই : শোণিতপুৰৰ বালিপৰাত অব্যাহত আছে জৰাসৰ নৈৰ বানৰ তাণ্ডৱলীলা । বানত ইতিমধ্যে বুৰ গৈছে বহু গাঁও, কাৰ্যালয় ,খেতিপথাৰ ইত্যাদি । তাৰ মাজতে
বানৰ তলত  বিগত তিনিদিনে বুৰ গৈ আছে বালিপৰাৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খন বালিপৰা শিক্ষাখণ্ডৰ অন্তৰ্গত কমাৰীগাঁও প্ৰাথমিক বিদ্যালয়। বালিপৰা -চাৰিদুৱাৰ পথৰ কমাৰীগাঁৱৰ সমীপত থকা বিদ্যালয়খনত তিনি দিন পূৰ্বে হোৱা জৰাসৰৰ বান প্ৰৱেশ কৰিছিল। বৰ্তমানেও বিদ্যালয় চৌহদত সম্পূৰ্ণৰূপে পানীৰে ভৰি  থকা পৰিলক্ষিত হৈছে । বিদ্যালয়খনৰ প্ৰতিটো কোঠা, ৰান্ধনীগৃহত প্ৰৱেশ কৰিছে বানপানী । আনহাতে, বিদ্যালয় চৌহদতে অৱস্থিত অংগনৱাড়ী কেন্দ্ৰটোও পানীৰ তলত । উল্লেখ্য যে  বৰ্তমান সময়ত বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধ চলি আছে।  অহা ১ আগষ্টৰ পৰা খুলিব বিদ্যালয়সমূহ । তেনেক্ষেত্ৰত বিদ্যালয়খন আজিপৰ্যন্ত পানীৰ তলত  থকাক কেন্দ্ৰ কৰি অঞ্চলটোৰ শিক্ষাপ্ৰেমী ৰাইজ চিন্তিত হৈ পৰিছে । সমান্তৰালভাৱে বিদ্যালয়খনৰ পিছফালে প্ৰায় ১০০ মিটাৰ দূৰত্বতে অৱস্থান কৰিছেহি জৰাসৰ নৈ। জৰাসৰে এফালৰ পৰা খহাই নিছে গৰা ।  সময় থাকোঁতেই যদিহে বিদ্যালয়খনৰ সুৰক্ষাৰ স্বাৰ্থত নৈখনত কোনোধৰণৰ বান্ধ দিয়া নহয় তেন্তে কম দিনৰ ভিতৰতে যে বিদ্যালয়খন নৈৰ বুকুত জাহ যাব, সেয়া প্ৰায় নিশ্চিত বুলি ৰাইজে মত পোষণ কৰিছে । প্ৰতিবছৰে বানে ক্ষতিগ্ৰস্ত কৰা উক্ত চৰকাৰী বিদ্যালয়খনৰ সুৰক্ষাৰ লগতে প্ৰয়োজনসাপেক্ষে স্থানান্তৰ কৰাৰ কথাটো আজিপৰ্যন্ত বালিপৰা শিক্ষাখণ্ড বিষয়া, স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধিয়ে বিবেচনা নকৰাৰ অভিযোগ তুলিছে একাংশ লোকে ।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like