বিশেষ বাৰ্তা, ২৮ জুলাই : অসম মানৱ অধিকাৰ আয়োগে আজি নিজাববীয়াকৈ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গোচৰ পঞ্জীয়ন কৰি ৰায় প্ৰদান কৰিছে। গুৱাহাটীৰ বাট-পথৰ দুৰৱস্থা আৰু সংঘটিত হৈ থকা দুৰ্ঘটনাসমূহক লৈ মানৱ অধিকাৰ আয়োগে গুৱাহাটী পৌৰ নিগমলৈ জাননী (notice) জাৰি কৰিছে। লগতে দুৰ্ঘটনাত মৃত্যুবৰণ কৰাসকলক দিবলগীয়া ক্ষতিপূৰণ দোষী বিষয়াৰ ব্যক্তিগত দৰমহাৰ পৰা কাটি দিয়া হ’ব পাৰে নেকি, তাক লৈও আয়োগে প্ৰশ্ন উত্থাপন কৰিছে। গুৱাহাটীত সঘনাই হৈ থকা দুৰ্ঘটনাসমূহ মূলত: বেয়া বাট-পথৰ কাৰণে হৈছে বুলি অনুভৱ কৰি আৰু বহুদিনৰ পৰা গুৱাহাটীৰ বাট-পথৰ প্ৰতি লক্ষ্য ৰাখি থকা অসম মানৱ অধিকাৰ আয়োগে এটা দীঘলীয়া ৰায় প্ৰদান কৰিছে। গুৱাহাটীত জন্মদিনৰ উপহাৰ কিনিবলৈ গৈ মৃত্যুবৰণ কৰা অভিযন্তা সৌৰভ দাস আৰু প্ৰিয়া কুমাৰী নামৰ স্কুলীয়া ছাত্ৰী এগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হোৱা বিষয় দুটা নিজৰ ৰায়টোত উল্লেখ কৰি মানৱ অধিকাৰ আয়োগে কয় যে গুৱাহাটী পৌৰ নিগমে কিয় এই বাট-পথ ভাল কৰিব পৰা নাই? লগতে আৰু কোন কোন বিভাগে গুৱাহটীত বাট-পথ খান্দি এনে দুৰ্ঘটনাবিলাকত অৰিহণা যোগাইছে বুলি প্ৰশ্ন কৰি মানৱ অধিকাৰ আয়োগে দুৰ্ঘটনাত মৃত্যু হোৱাসকলক ক্ষতিপূৰণ দিব লাগিব বুলিও উল্লেখ কৰে। আয়োগৰ সদস্য শান্তনু ভৰালীয়ে এই ৰায়দান কৰি কয় যে দিবলগীয়া ক্ষতিপূৰণ দোষী কৰ্মচাৰীসকলৰ বেতনৰ পৰা দিয়া হ’ব নেকি বিবেচনা কৰা হ’ব। কাৰণ নিজৰ নিজৰ কাম গুৰুত্বসহকাৰে নকৰাৰ বাবেই আজি গুৱাহাটীৰ অৱস্থা এনে পৰ্যায় পাইছে বুলি আয়োগে পৌৰ নিগমৰ লগতে জিলা প্ৰশাসনকো পৰৱৰ্তী তাৰিখত উত্তৰ দিবৰ বাবে নিৰ্দেশ দিছে। উল্লেখ্য যে এতিয়ালৈ আয়োগে প্লাস্টিক, ভেজাল দৰব, মাছকে আদি কৰি কেইবাটাও বিষয়ৰ ওপৰত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিছে।