বিশেষ বাৰ্তা, ২৮ জুলাই : ছয়মাইলত উন্মুক্ত ট্রেন্সফর্মাৰত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি পুৱা স্থানীয় লোকে ছয়মাইলত উন্মুক্ত ট্রেন্সফর্মাৰটোৰ কাষত যুৱকজনৰ মৃতদেহ প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে ৷ ৰঙা কাপোৰ পৰিহিত যুৱকজনৰ পৰিচয় এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ উন্মুক্ত ট্রেন্সফর্মাৰটোত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি স্থানীয় লোকে মন্তব্য কৰে ৷ উল্লেখ্য যে মহানগৰীত বিভিন্ন স্থানত থকা উন্মুক্ত ট্রেন্সফর্মাৰত লাগি পূর্বেতেও কেইবাজনো লোকৰ মৃত্যু হৈছে৷