‘তদন্তকাৰী বিষয়া’ৰ পৰিচয়েৰে ৩৬ লাখ টকা লুট ছয় চোৰৰ
বিশেষ বাৰ্তা, ২৯ জুলাই : অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ ঘৰৰ পৰা ‘তদন্তকাৰী বিষয়া’ৰ পৰিচয়েৰে লাখ লাখ টকা লুট কৰি পলায়ন কৰে চোৰৰ এটা দলে। বাণিজ্যিক চহৰ মুম্বাইৰ ইৰোলি অঞ্চলত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, চোৰকেইটা বলীউডৰ জনপ্ৰিয় ছবি ‘স্পেচিয়েল ২৬’ৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ২১ জুলাইত অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াজনৰ ঘৰত প্ৰৱেশ কৰি প্ৰায় ৩৬ লাখ টকা লুট কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, চোৰৰ দলটোৱে অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া কান্তিলাল যাদৱৰ ঘৰত প্ৰৱেশ কৰি দুৰ্নীতিবিৰোধী শাখাৰ বিষয়া বুলি পৰিচয় দিয়ে। কান্তিলালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বুলি দাবী কৰি চোৰে ঘৰটোত তালাচী চলায়। কান্তিলাল আৰু তেওঁৰ পত্নীৰ মোবাইলো জব্দ কৰে। পৰিয়ালৰ সদস্যক জনোৱা হয় যে তালাচী অভিযান শেষ নোহোৱালৈকে ঘৰৰ পৰা কোনেও বাহিৰলৈ ওলাই যাব নোৱাৰে। ইয়াৰ পিছতে ঘৰৰ আলমিৰা খুলি নগদ ২৫ লাখ টকা, সোণৰ আঙঠি, ব্ৰেচলেট আৰু বহু সামগ্ৰী উলিয়াই নিয়ে। ভুৱা ‘তদন্তকাৰী বিষয়া’ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত কান্তিলালৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি তদন্ত আৰম্ভ কৰাত দুৰ্নীতিবিৰোধী শাখাৰ নাম লৈ কান্তিলালৰ ঘৰত চোৰৰ দলে লুটপাত চলোৱা বুলি জানিব পাৰে। ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।