অমৰনাথ যাত্ৰাৰ পৰা ওভতাৰ পথত বাছৰ সংঘৰ্ষ
🔹 বাছচালককে ধৰি ৬জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত কমেও ২০
বিশেষ বাৰ্তা, ২৯ জুলাই : মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা দুখন বাছৰ সংঘৰ্ষত ৬জন লোকে প্ৰাণ হেৰুৱায়। এই সংঘৰ্ষত কমেও ২০জন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহতসকলৰ ভিতৰত এখন বাছৰ চালকো আছে। মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ মলকাপুৰ অঞ্চলৰ ৫৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ নন্দুৰ নাকা উৰণীয়া সেতুত নিশা প্ৰায় ২:৩০ বজাত বাছ দুখনৰ সংঘৰ্ষ হয়। দুয়োখন বাছ ট্ৰেভেল এজেন্সীৰ। অমৰনাথ যাত্ৰা সম্পূৰ্ণ কৰি মহাৰাষ্ট্ৰৰ হিংগোলী জিলালৈ গৈ আছিল এখন তীৰ্থযাত্ৰীভৰ্তি বাছ। আনখন বাছৰ গন্তব্যস্থান আছিল নাচিক। অমৰনাথৰ পৰা উভতি অহা বাছখনৰ চালকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তদুপৰি ওচৰৰ চিকিৎসালয়ত গুৰুতৰভাৱে আহত কমেও ২০জনক ভৰ্তি কৰোৱা হয়। খবৰ অনুসৰি, ৩২জন যাত্ৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকৰ বাবে ওচৰৰ গুৰদ্বাৰাত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। বাছ দুৰ্ঘটনাৰ ফলত অঞ্চলটোত যান-জঁট সমস্যাৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে শীঘ্ৰে সমস্যা সমাধান কৰে।