নিয়মীয়া বাৰ্তা, ২৯ জুলাই : শিৱসাগৰৰ সৰবৰহী ব্যক্তি, সমাজপ্ৰাণ, কৈৱৰ্ত সন্মিলনী, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সমাজ সংগঠক ৰতন শইকীয়াৰ আজি পৱিত্ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ জীৱন আৰু কৰ্মক স্মৰণৰ উদ্দেশ্যে এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰয়াত ৰতন শইকীয়াৰ পশ্চিম যমুনা ৰোডস্থিত বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত ৰাতু কুমাৰ দাস, হিমাংশু নেওগ আৰু সত্যজিৎ নাথৰ দ্বাৰা সম্পাদিত ‘ৰত্নদীপ’ নামৰ স্মৰণিকাখন পত্নী ৰূপী শইকীয়া, ডঃ পঞ্চানন বৰঠাকুৰৰ লগতে প্ৰয়াত শইকীয়াৰ কেইবাগৰাকীও সতীৰ্থই উন্মোচন কৰে। শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানটিত প্ৰয়াত শইকীয়াৰ কন্যা ৰীতিমা শইকীয়াকে ধৰি পৰিয়ালৰ হৈ ৰীণা শইকীয়া, পাপৰি শইকীয়া, ডাঃ অম্লান দাসৰ উপৰি ড° পঞ্চানন বৰঠাকুৰ, দিলীপ কুমাৰ শইকীয়া, ৰমন শৰ্মা, দেৱেন চন্দ্ৰ বৰুৱা, চাদিকুৰ ৰহমান, অৰ্ণৱ ৰঞ্জন চাংমাই, ডাঃ জেহিৰুদ্দিন খান, ভাস্কৰ দাস, সুমন দাস, ৰূপজ্যোতি দাস, ভাস্কৰ কুমাৰ দাস, ফণীভূষণ দাস, জেলিলুৰ ৰহমান, চগিৰ ইমদাদ ইয়াচিন, সমীৰ হুছেইন, মুন্না আগৰৱালা, ৰাজেশ সিং, চৰিফুল আহমেদৰ লগতে বহু ব্যক্তিৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে। পত্নী ৰূপী শইকীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোৰ আঁত ধৰে ইন্দ্ৰজিৎ দাসে। উল্লেখযোগ্য যে ১৪ জুলাইত যুৱদলৰ এখন সভাৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এজন উদণ্ড যুৱকে স্কুটীৰে পাছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত ৰতন শইকীয়াৰ মৃত্যু হৈছিল ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান