বিশেষ বাৰ্তা, ২৯ জুলাই : পৰম আৰাধ্য শ্ৰীকৃষ্ণ-ৰুক্মিণীক লাভ জেহাদৰ প্ৰসংগৰে টানি আনি শেহতীয়াকৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থই কয়- ‘ভূপেন বৰাৰ বক্তব্য সনাতনী হিন্দু মানুহে মানি নলয়। শ্ৰীকৃষ্ণ আমাৰ পিতৃস্বৰূপ। ভূপেন বৰাৰ কথাত সকলোৱে বেয়া পাইছে। মই কাৰ্যকৰী সভাপতি হিচাপে সমৰ্থন নকৰোঁ। ভূপেন বৰাৰ কাৰণে আমি সকলোৱে ক্ষমা খুজিম। ভৱিষ্যতে কথা কওঁতে তেওঁ সংযমী হ’ব লাগিব।’ তদুপৰি কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থই কয় যে শ্ৰীকৃষ্ণক লৈ অশোভনীয় মন্তব্য কৰাৰ পিছত যদি ইছলাম ধৰ্মৰ মানুহ সন্তুষ্ট হয়, তেন্তে তেনেকুৱা ভোট আমাক নালাগে। ইছলামক গালি দি হিন্দুক সন্তুষ্ট কৰা ভোটো আমাক নালাগে।