নিয়মীয়া বাৰ্তা, ২৯ জুলাই : লখিমপুৰ জিলাৰ আয়ুক্তৰ পৰামৰ্শ ক্ৰমে আজি ঢকুৱাখনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা ঢকুৱাখনা শিক্ষাখণ্ডৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান, খণ্ড সমল ব্যক্তি (বি আৰ পি) আৰু মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কৰ সৈতে লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত সাত্বাৱনৰ ‘OUTREACH PROGRAMME’ অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত জিলা আয়ুক্ত সুমিত সাত্বাৱন, অতিৰিক্ত উপায়ুক্ত, ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি কাৰ্তিক কলিতা, লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ভাস্কৰ বৰা, লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা সমগ্র শিক্ষা অভিযানৰ জিলা মিছন সমন্বয়ক হেমচন্দ্ৰ শইকীয়া, জিলা আঁচনি বিষয়া গুণজিৎ ঠাকুৰীয়া আৰু ঢকুৱাখনা মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক চুমী শইকীয়া উপস্থিত থাকে। ঢকুৱাখনা শিক্ষাখণ্ডৰ ৩৮টা মণ্ডল সমল কেন্দ্ৰৰ ২৯৫খন আৰু বৰদলনি শিক্ষাখণ্ডৰ ৪টা মণ্ডল সমল কেন্দ্ৰৰ ৩৩খন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল উপস্থিত থকা অনুষ্ঠানত শিক্ষকসকলৰ অসুবিধা, অভাৱ-অভিযোগসমূহ শুনাৰ পিছত আয়ুক্ত সাত্বাৱনে সেইবোৰৰ সমাধান সূত্ৰ আঙুলিয়াই দিয়াৰ লগতে লখিমপুৰ জিলাৰ শৈক্ষিক বাতাৱৰণ আৰু মান উন্নত কৰিবৰ বাবে বিদ্যালয়ৰপ্ৰধানসকলৰ কৰণীয় সম্পৰ্কে বাস্তৱমুখী পৰামৰ্শ আগবঢ়ায়।
প্ৰেৰক পুলকজ্যোতি বৰা