আজি ৩০ জুলাই, শাওণ মাহৰ ১৩ তাৰিখ
দেওবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : আদ্রা, যাত্রা : নাই
মেষ : এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব ৷ নিৰামিষ আহাৰ গ্রহণ কৰিব ৷ বিদ্যার্থীসকলৰ বাবে ভাল, প্রেমত শুভ ৷ শুভ ৰং ৰঙা, সংখ্যা ৮ ৷
বৃষ : আজি যাত্রা নকৰাই ভাল ৷ সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব ৷ শিৱৰ আৰাধনা কৰিব আজি ৷ প্রেমত শুভ ৷ শুভ সংখ্যা ২ ৷
মিথুন : ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল–তেলৰ প্রদীপ জ্বলাই শনিৰ আৰাধনা কৰিব ৷ ব্যৱসায়ত ভাল। বিদ্যার্থীৰ বৰ ভাল দেখা নাযায় ৷ শুভ ৰং নীলা, সংখ্যা ২ ৷
কর্কট : আজি মনৰ ইচ্ছা পূর্ণ হোৱাৰ যোগ ৷ প্রেমত শুভ ৷ বিদ্যার্থীসকলে যত্ন কৰা উচিত ৷ ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ ৷ শুভ ৰং নীলা, সংখ্যা ৮ ৷
সিংহ : বিদ্যার্থীৰ কাৰণে শুভ ৷ সামাজিক কামত ব্যস্ততা দেখা যায় ৷ চাকৰিৰ ক্ষেত্রত অশান্তি ৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৭ ৷
কন্যা : খৰচ বৃদ্ধি ৷ ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব ৷ বিদ্যার্থীৰ কাৰণে শুভ ৷ দিনটো মনোকষ্টত ভুগিব লাগিব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮ ৷
তুলা : বিবাহৰ ক্ষেত্রত আগবাঢ়িব পাৰে ৷ শুভ কর্ম কৰিলে ভাল ফল পাব ৷ প্রেম–প্রণয়ত উন্নত ৷ ভ্রমণত শুভ ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৬ ৷
বৃশ্চিক : সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব ৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে ৷ দিনটো শুভ ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ ৷
ধনু : অনাদায়ী কিছু অর্থ আদায় হোৱাৰ যোগ দেখা যায় ৷ বিভিন্ন ক্ষেত্রত সুযোগ আহিব ৷ বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭ ৷
মকৰ : নীলা কাপোৰ পৰিধান কৰি ওঁ ক্রং হ্রীং শ্রীং শনৈশ্বৰায় নমঃ এই মন্ত্র ৮ বাৰ জপ কৰিব, ঘৰত অতিথিৰ আগমন ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২ ৷
কুম্ভ : প্রেমত শুভ ৷ দূৰ ভ্রমণ ৷ যান–বাহনৰ পৰা সাৱধানে থাকিব ৷ নতুন কর্মত হাত দিব পাৰিব ৷ দিনটো শুভ ৷ শুভ ৰং ৰঙা, সংখ্যা ৬ ৷
মীন : নিৰামিষ ব্রত পালন কৰিব ৷ বিদ্যার্থীৰ ভাল, প্রেম আৰু দাম্পত্যত ভালেই দেখা যায় ৷ পিতৃৰ অসুখৰ চিন্তা ৷ শুভ ৰং বগা, শুভ সংখ্যা ২ ৷