নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰতে ৫০% হ্রাস গোচৰৰ সংখ্যা

🔹 বঙাইগাঁৱত আৰক্ষী অধীক্ষক সন্মিলনত মুখ্যমন্ত্রীৰ ঘোষণা
ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুলাই : ক্রমাগতভাৱে পূর্বৰ তুলনাত ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি উন্নত হৈছে৷ এই দাবী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷ বঙাইগাঁৱত অনুষ্ঠিত চতুর্থ আৰক্ষী অধীক্ষক সন্মিলনত দুদিনীয়াকৈ ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি পর্যালোচনাৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই এই দাবী কৰি কয় যে ২০২১ চনৰ তুলনাত ২০২২ চনত অসমত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্রাস পোৱাই নহয়, শিশু আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধো কমি আহিছে৷ ২০২২ চনত নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ৰ প্রতিবেদনত প্রকাশ পালে সেয়া স্পষ্ট হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২১ চনৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা বহুগুণে হ্রাস পাইছে৷ আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গোচৰ পঞ্জীয়ন, অভিযোগনামা দাখিল আৰু আদালতত অপৰাধীক দোষী সাব্যস্ত কৰা এই তিনি প্রক্রিয়াত অসম আৰক্ষী এতিয়া যথেষ্ট আগুৱাই গৈছে৷ বিশেষকৈ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ ক্ষেত্রত আৰক্ষীয়ে লোৱা ব্যৱস্থাৰ বাবে আদালতত দোষী সাব্যস্তকৰণ ৫.৬ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি হৈছে৷ ২০২৪ চনত ২০ শতাংশলৈ আৰু ২০২৬ চনলৈ এই হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হ’ব৷ ইপিনে অহা বর্ষৰ এপ্রিল মাহৰ ভিতৰত অসম আৰক্ষীত থকা সকলো খালী পদ পূৰণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ইয়াৰ বাবে আৰক্ষীৰ পদোন্নতিসমূহ সম্পূর্ণ কৰাৰ কথাও জানিবলৈ দিয়ে৷ আনহাতে চতুর্থ আৰক্ষী অধীক্ষক সন্মিলনত মূল পর্যালোচনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীক অধিক ক্ষিপ্র তথা শক্তিশালী কৰাৰ লক্ষ্যৰে আৰক্ষী চকী আৰু পেট্র’ল পোষ্টসমূহ বিলুপ্ত কৰা হ’ব৷ অর্থাৎ এতিয়াৰে পৰা আৰক্ষী চকীসমূহ আৰক্ষী থানালৈ ৰূপান্তৰিত কৰা হ’ব৷ মুঠ ২৫০খন আৰক্ষী চকী আৰক্ষী থানালৈ ৰূপান্তৰ কৰা হ’ব৷ ইয়াৰ ফলত ৰাজ্যত আৰক্ষী থানাৰ সংখ্যা ৬০০খনলৈ বৃদ্ধি হ’ব৷ সন্মিলনত অসম আৰক্ষীৰ প্রতিটো শাখা অথবা সংস্থাক একেটা ছাতিৰ তললৈ অনাৰ বাবে এক সিদ্ধান্ত গ্রহণ কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হোমগার্ড–চিভিল ডিফেন্সক আৰক্ষী সঞ্চালকপ্রধানৰ অধীনলৈ অনা হ’ব৷ মুখ্যতঃ হোমগার্ডক আৰক্ষীৰ নিয়ন্ত্রণলৈ অনাৰ লক্ষ্যৰে হোমগার্ডৰ বাবে এজন বিশেষ আৰক্ষী সঞ্চালক নিযুক্তি দিয়া হ’ব৷ একেদৰে অর্থনৈতিক অপৰাধ অনুসন্ধান শাখা চমুকৈ বিইআইঅ’ক টাস্ক ফ’ৰ্চলৈ ৰূপান্তৰিত কৰা হ’ব৷ মুখ্যতঃ অসম আৰক্ষীক এটা সংহত পৰিয়াললৈ ৰূপান্তৰ কৰাৰ প্রয়াস চলোৱা হ’ব৷ গুৱাহাটী মহানগৰীৰ আৰক্ষী ব্যৱস্থা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ ৪খন আৰক্ষী জিলাৰ পৰা ৫খনলৈ বৃদ্ধি কৰা হ’ব আৰু ১৯খন আৰক্ষী থানাৰ পৰা ৩৪খন আৰক্ষী থানালৈ বৃদ্ধি কৰা হ’ব৷ এই প্রসংগত দিছপুৰ আৰক্ষী থানাৰ দিশলৈ আঙুলিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দিছপুৰ থানাত ২৪ হাজাৰ গোচৰ পঞ্জীয়ন হৈ আছে৷ দৰাচলতে ৰাজ্যত ৫০ শতাংশ আৰক্ষী থানাৰ গোচৰ গুৱাহাটী মহানগৰীতে আছে৷ এনেবোৰ দিশলৈ লক্ষ্য কৰি দিছপুৰ আৰক্ষী থানাক ৪খন আৰক্ষী থানালৈ ভাগ কৰা হ’ব৷ আনহাতে আৰক্ষী থানাসমূহত জব্দ হোৱা গাড়ী, জৰাজীর্ণ অৱস্থাত পৰি যি কদর্যময় পৰিৱেশ সৃষ্টি হয় সেই পৰিৱেশ আঁতৰাবলৈ জব্দকৃত গাড়ীসমূহ জব্দ হোৱাৰ ৩ মাহৰ ভিতৰত বিক্রী কৰা হ’ব৷ একমাত্র গাড়ীয়েই নহয়, আৰক্ষীয়ে জব্দ কৰা সকলোধৰণৰ মূল্যৱান সামগ্রী বিক্রীৰ ব্যৱস্থা কৰা হ’ব৷ ইপিনে অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ ক্ষেত্রত বা আদালতৰ ৰায় পর্যবেক্ষণ তথা পৰীক্ষা কৰাৰ বাবে একোজনকৈ আইনী পৰামর্শদাতা প্রতিগৰাকী আৰক্ষী অধীক্ষকৰ বিপৰীতে নিয়োগ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ ৰায় ফলপ্রসূ নহ’লে আইনী পৰামর্শদাতাৰ সহযোগিতাত ন্যায়ালয়ত আবেদন কৰা হ’ব৷ ইপিনে আৰক্ষী অধীক্ষকসকলৰ সন্মিলনৰ সমান্তৰালকৈ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ সৈতে একোখনকৈ বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিশেষকৈ আৰক্ষী থানাত গোচৰসমূহ সন্দর্ভত তদন্ত কিদৰে আগুৱাই নিব, গোচৰ দিবলৈ অহা লোকৰ সৈতে কিদৰে বার্তালাপ কৰিব সেই সন্দর্ভত বহু দিশ ভাৰপ্রাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত আলোচনা কৰা হ’ব৷ সেইদৰে অপৰাধজনিত ঘটনাৰ তদন্তৰ বাবে ৪০০জন আৰক্ষী বিষয়াক ক্রাইম ছিন (seen) অফিচাৰ হিচাপে নিয়োগ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দি কয় যে এই ক্রাইম ছিন বিষয়াসকলে ফৰেনছিক সম্পর্কীয় দিশসমূহ পৰীক্ষা কৰিব৷ ইয়াৰ বাবে তেওঁলোকক বিশেষভাৱে প্রশিক্ষণ দিয়া হ’ব৷ ইফালে, পৰৱর্তী আৰক্ষী অধীক্ষক সন্মিলন অহা ডিচেম্বৰ মাহত যোৰহাটত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতি ছমাহৰ মূৰে মূৰে আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব৷ সেইদৰে প্রতিখন জিলাতে আৰক্ষীৰ সন্তানৰ লগতে সাধাৰণ লোকৰ সন্তানেও অধ্যয়ন কৰিব পৰাকৈ আদর্শ হাইস্কুল স্থাপন কৰা হ’ব৷ একেদৰে আৰক্ষীৰ বাবে প্রতিখন জিলাতে কেণ্টিনো স্থাপন কৰা হ’ব৷ আনহাতে, আলফাই আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙক ভাবুকি দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰক্ষী সঞ্চালকপ্রধানে নিজৰ নিৰাপত্তা নিজে ল’ব৷ কিন্তু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই যেতিয়া সংগঠনলৈ গৈছিল তেতিয়াৰ পৰিৱেশৰ সৈতে এতিয়াৰ অসমৰ পৰিৱেশ সম্পূর্ণ সুকীয়া৷ পৰেশ বৰুৱা এতিয়া সাত দিনৰ বাবে অসমলৈ আহিলে অষ্টম দিনা পুনৰ উভতি নোযোৱাৰ সিদ্ধান্ত ল’ব ৷

You might also like