📌 তেজপুৰত চাঞ্চল্য, আটক স্বামী
বার্তা ব্যুৰ’, ৩০ জুলাই : তেজপুৰত সংঘটিত লোমহর্ষক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তেজপুৰ মৰাভৰালী বালি চাপৰিত স্বামীয়ে দাৰে ঘপিয়াই পত্নীৰ হাত দুছেও কৰে৷ নিজাম আলী নামৰ লোকজনে পত্নীৰ হাত কাটি লুকুৱাই থৈছিল মুর্গীৰ গঁৰালত৷ ৰাইজে ধৰি কালি আৰক্ষীক গতালে নিজাম আলীক৷ গুৰুতৰভাৱে আহত পত্নী মমতা খাতুনক চিকিৎসালয়ত ভর্তি কৰে৷ জানিব পৰা মতে, মমতা খাতুন হাচানৰ প্রথমা পত্নী৷ তেওঁলোকৰ ১৫বছৰীয়া কন্যাক বিয়া দিবলৈ ওলোৱাত পত্নীৰ ওপৰত খর্গহস্ত হৈ হাত কাটিলে বুলি ব্যক্ত কৰিছে নিজাম আলীয়ে৷
প্ৰেৰক পুলক ডেকা