নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰৰ ভয়াৱহ ছবি

🔴 ৫ সহস্রাধিক ভগনীয়াৰ আশ্রয় নাগালেণ্ডত
বিশেষ বাৰ্তা, ৩০ জুলাই : গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত হিংসাত সর্বস্ব হেৰুওৱা হাজাৰ হাজাৰ লোকৰ ভয়াৱহ ছবি এখন পোহৰলৈ আহিছে ৷ যোৱা ৩ মে’ত অজনজাতি মেইতেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদানৰ বিৰোধিতাৰে কুকি সম্প্রদায়ে উলিওৱা সমদলৰ পিছতে ৰাজ্যখনত গোষ্ঠীগত সংঘর্ষ হয়৷ দুই সম্প্রদায়ৰ লোকৰ মাজত হোৱা সংঘর্ষত শতাধিক লোকে প্রাণ হেৰুওৱাৰ লগতে দুয়ো সম্প্রদায়ৰ হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে৷ প্রাণৰ শংকাত তথা কথমপি জীৱন ৰক্ষা কৰি কেইবাসহস্র গৃহহীন লোকে চুবুৰীয়া ৰাজ্যত আশ্রয় লয়৷ শেহতীয়া এক ভয়ংকৰ তথ্য মতে, প্রাণৰ শংকাত পাঁচ সহস্রাধিক কুকি সম্প্রদায়ৰ লোকে ভগনীয়াৰ ৰূপত নাগালেণ্ডত আশ্রয় লৈ আছে ৷ এই লোকসকলক আনুষ্ঠানিকভাৱে কোনো আশ্রয় শিবিৰ দিয়া নাই যদিও ডিমাপুৰৰ সমীপতে গাঁওবোৰত আশ্রয় লৈছে৷ এই গাঁওবোৰ হৈছে কুকি সম্প্রদায়ৰ লোকৰ বসতিপ্রধান ৷ মণিপুৰত সর্বস্ব হেৰুৱাই নাগালেণ্ডত আশ্রয় লৈ থকা পাঁচ সহস্রাধিক কুকি সম্প্রদায়ৰ লোকৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিছে৷ এই ভগনীয়াসকলে প্রকাশ কৰা মতে, আৰক্ষীৰ সহযোগতে মেইতেই সম্প্রদায়ৰ লোকসকলে তেওঁলোকৰ বাসগৃহত আক্রমণ কৰাৰ লগতে হত্যা কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁলোকে কথমপি জীৱন বচাই নাগালেণ্ডত আশ্রয় ল’বলৈ সক্ষম হৈছে৷

You might also like