হাৰিয়ানাৰ মহিলাৰে বার্তালাপ ছোনিয়া গান্ধীৰ
🔹 ৰাহুলৰ কাৰণে এগৰাকী উপযুক্ত ছোৱালী চাওক
বিশেষ বাৰ্তা, ৩০ জুলাই : কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীৰ বিবাহ ব্যাপক চর্চিত বিষয়৷ শেহতীয়াভাৱে হাৰিয়ানাৰ মহিলা দল এটাই নতুন দিল্লীত কংগ্রেছৰ প্রাক্তন সভাপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ মাতৃ ছোনিয়া গান্ধীক সাক্ষাতৰ সময়ত তেওঁৰ পুত্র ৰাহুলৰ বিয়াৰ বিষয়টো উত্থাপিত হয় ৷ মহিলাৰ দলটোৱে ৰাহুল গান্ধীৰ বিয়াৰ প্রসংগ উত্থাপন কৰোঁতে ছোনিয়া গান্ধীয়ে কয় যে ৰাহুল গান্ধীৰ কাৰণে এগৰাকী উপযুক্ত ছোৱালী কিয় চাই নিদিয়ে? উল্লেখ্য যে যোৱা ৮ জুলাইত ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ সোনিপট জিলাৰ মেডিনা গাঁও ভ্রমণ কৰোঁতে গাঁওবাসী মহিলাৰ দল এটাক দিল্লীত তেওঁলোকৰ সৈতে দুপৰীয়াৰ আহাৰ খোৱাৰ প্রতিশ্রুতি দিছিল৷ সেইমর্মে মহিলাৰ দলটো নতুন দিল্লীৰ ছোনিয়া গান্ধীৰ বাসভৱনলৈ আহে আৰু বার্তালাপৰ মাজতে ৰাহুল গান্ধীৰ বিয়াৰ বিষয়টো উত্থাপিত হয়৷ ৰাহুল গান্ধীয়ে এই বার্তালাপৰ ভিডিঅ’ প্রচাৰ কৰি তেওঁৰ মাতৃ, ভগ্ণী প্রিয়ংকা আৰু তেওঁৰ বাবে হাৰিয়ানাৰ মহিলাৰ সৈতে বার্তালাপৰ সময়খিনি এক স্মৰণীয় মুহূর্ত বুলি উল্লেখ কৰে ৷ লক্ষণীয় যে অলপতে বেংগালুৰুত অনুষ্ঠিত বিৰোধী ঐক্যৰ বৈঠকৰ সময়তো আৰ জে ডিৰ নেতা লালু প্রসাদ যাদৱে ৰাহুল গান্ধীৰ বিয়াৰ কথা ছোনিয়া গান্ধীক কৈছিল৷