নিয়মীয়া বাৰ্তা, ৩০ জুলাই : নিখিল বড়ো ছাত্র সন্থা (আবছু)ৰ প্ৰয়াত প্ৰাক্তন সভাপতি শ্বৌমলা বসুমতাৰীক উগ্ৰপন্থীয়ে ১৯৯৬ চনৰ ৩০ জুলাইত গুলীয়াই হত্যা কৰে । তেতিয়াৰ পৰাই আবছুই তেওঁৰ জম্মস্থান গয়বাৰীত মৃত্যু দিৱসটি সন্ত্ৰাসবিৰোধী দিৱস হিচাপে পালন কৰি আহিছে । আজি ২৭ সংখ্যক মৃত্যু দিৱসটি পুৱা আবছুৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । পতাকা উত্তোলন কৰে আবছুৰ সভাপতি দ্বীপেন বড়োই । তেওঁ পতাকা উত্তোলন কৰি দিয়া এক আছুতীয়া সাক্ষাৎকাৰত প্ৰয়াত শ্বৌমলা বসুমতাৰীৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । বড়ো জাতিৰ উৎকৰ্ষ সাধনৰ বাবে কৰি অহা ত্যাগৰ বাবে আজি জাতিটোৱে এইখিনি পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি এসময়ত জাতিৰ বাবে সশস্ত্ৰ বি এল টি, এন ডি এফ বিয়ে হাতত অস্ত্ৰ তুলি লৈছিল । তেওঁলোকে চুক্তি স্বাক্ষৰৰ জৰিয়তে অঞ্চলটিত এক উন্নয়ন আৰু শান্তিৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । কিন্তু সময়ে সময়ে নতুনকৈ সশস্ত্ৰ সংগঠনে মূৰ দাঙি উঠে । বৰ্তমান সশস্ত্ৰ সংগঠনৰ কোনো প্ৰয়োজন নাই । শান্তি আৰু উন্নয়নৰ স্বাৰ্থত মূৰ দাঙি উঠা তেনে সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ নিৰ্মূল কৰিবলৈ চৰকাৰ-প্ৰশাসনক আহ্বান জনায় । গয়বাৰী জৌহৌলাও শ্বৌমলা বসুমতাৰী ক্ষেত্ৰত পতাকা উত্তোলনৰ অন্তত জৌহৌলাও শ্বৌমলা বসুমতাৰীৰ স্মৃতি স্তম্ভত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে প্ৰয়াত শ্বৌমলা বসুমতাৰীৰ সহধৰ্মিণী ভানুমতী বসুমতাৰীয়ে । সন্ত্ৰাসৰ বিৰুদ্ধে আৰু শান্তি প্ৰতিষ্ঠাৰ নামত বগা পাৰ চৰাই আৰু বগা বেলুন উৰুৱাই দিয়া হয় । আৰ্তজনক সহায় কৰাৰ বাবে ৰক্তদান শিবিৰো অনুষ্ঠিত হয় । উল্লেখযোগ্য যে ৰক্তদান শিবিৰত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু পৰিষদীয় সদস্য মাধৱ চেত্ৰীয়েও ৰক্তদান কৰি ৰক্তদাতাসকলক উচ্ছাস-উদ্দীপনা যোগায় । আবছুৰ সভাপতি দ্বীপেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্ধোধন কৰে আবছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে । অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপে অস্ত্ৰৰে কোনো সমস্যাৰ স্থায়ী সমাধান নহয় বুলি উল্লেখ কৰি মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ কথা উল্লেখ কৰে । লগতে সাংবাদিক হিচাপে অতি ওচৰৰ পৰা প্ৰয়াত শ্বৌমলা বসুমতাৰীৰ সতে হোৱা ভাবৰ আদান-প্ৰদানৰ কথা স্মৰণ কৰে । অনুষ্ঠানটিত প্ৰমোদ বড়োৱে জৌহৌলাও শ্বৌমলা বসুমতাৰীৰ সতে জড়িত কালৰ আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি তেওঁৰ তীক্ষ্ণতা, বুদ্ধিমত্তা আৰু নেতৃত্ব দিব পৰা গুণৰ বৰ্ণনা দাঙি ধৰে ।
প্ৰেৰক ভৃগু মুনি ৰায়