🔴 সৰুক্ষেত্ৰীৰ পাকাবেতবাৰী ব্লকত মানবেন্দ্ৰ শৰ্মাৰ দুৰ্নীতি
নিয়মীয়া বাৰ্তা, ৩০ জুলাই : দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ যিমানেই কঠোৰ হৈছে, ঘোচখোৰ বিষয়া-কৰ্মচাৰীসকলেও নিত্য নতুন কৌশলেৰে পূৰ্বতকৈ অধিক দুৰ্নীতি চলাই আছে। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কাৰ্যালয়ৰ পৰা এতিয়াও চৰকাৰে দুৰ্নীতি নাইকিয়া কৰিব পৰা নাই। বিভিন্ন সময়ত জনসাধাৰণে একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে মুকলিভাৱে এনে অভিযোগ উত্থাপন কৰি আহিছে। এইবাৰ তেনে এক অভিযোগ পোৱা গৈছে সৰুক্ষেত্ৰী সমষ্টিৰ পাকাবেতবাৰী উন্নয়ন খণ্ডত কৰ্মৰত পূববেতবাৰী, উত্তৰ বেতবাৰী আৰু দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তত দায়িত্বত থকা এ ই (স্বীকৃতিপ্ৰাপ্ত অভিযন্তা) মানবেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে। যি সময়ত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে, তেনে পৰিস্থিতিত মাত্ৰ ২৩৮ টকা দিন মজুৰিত কাম কৰা জব কাৰ্ড শ্ৰমিকৰ মজুৰি আদায়ৰ নামত পাঁচ শতাংশ ঘোচ লোৱা কাৰ্য সহজভাৱে ল’ব পৰা নাই কোনো শ্ৰমিকে । প্ৰাপ্ত অভিযোগ মতে, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিশ্চিত নিয়োগ আইন চমুকৈ এমজি এনৰেগা আঁচনিৰ অধীনত জব কাৰ্ড শ্ৰমিকৰ কাম কৰাৰ পিছতো সঠিক সময়ত বিল বনাই নিদিয়ে এ ই মানবেন্দ্ৰ শৰ্মাই। যদি শ্ৰমিকসকলে বিলৰ নামত পাঁচ শতাংশ ঘোচ নিদিয়ে তেনেহলে বিভিন্ন অজুহাত দেখুৱাই হাৰাশাস্তি কৰি থাকে বুলি অভিযোগ উত্থাপন কৰিছে। জব কাৰ্ড শ্ৰমিক ৰফিকুল ইছলাম, মতিয়াৰ ৰহমান, বছিৰ উদ্দিন, ছাদ্দাম হুছেইন, ৰিপুল শিকদাৰ, সাইজুদ্দিন, ছোহৰাব আলী, জহুৰুল ইছলাম, মনিৰ উদ্দিন, মফিজ উদ্দিনকে আদি কৰি শ শ শ্ৰমিকে এই ঘোচখোৰ বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ওচৰত দাবী উত্থাপন কৰিছে বুলি জানিবলৈ দিছে। ইয়াৰ পিছতো যদি বিষয়াজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয়, পৰৱৰ্তী সময়ত পি এন আৰ ডিলৈও যাবলৈ শ্ৰমিকসকল সাজু বুলি জানিবলৈ দিয়ে।