নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বাৰ্ষিক অধিৱেশনৰ সফল সমাপন

নিয়মীয়া বাৰ্তা, ৩০ জুলাই : ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ দুদিনীয়া বাৰ্ষিক অধিৱেশনৰ আজি সফল পৰিসমাপ্তি ঘটে। সেই উপলক্ষে আজি দুপৰীয়া সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ সভানেত্ৰী ড০ বিনীতা ভাগৱতীৰ সভাপতিত্বত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’য় বৰ্ণাঢ্য সমাপন সমাৰোহ। সভাখনত ৰাজ্যিক সভানেত্ৰী ড০ ভাগৱতীয়ে এইবাৰৰ বাৰ্ষিক অধিৱেশনখনত গৃহীত হোৱা সিদ্ধান্তসমূহ সদৰী কৰে। ধুবুৰী পুথিভঁৰাল প্ৰাংগণত উত্তোলিত সাংগঠনিক পতাকাখন নমোৱাৰ পিছত সংগঠনটোৰ এইবেলিৰ দুদিনীয়া অসম ৰাজ্যিক অধিৱেশনখনৰ সমাপন ঘটে। আজিৰ এই সমাপন সমাৰোহত সীমা জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সংযোজক এ. গোপাল কৃষ্ণণ, জাগৰণ মঞ্চৰ ৰাষ্ট্ৰীয় সহ-সংযোজক প্ৰদীপণ, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ড০ প্ৰতিমা নিয়োগী, সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দেৱাশীষ দত্ত প্ৰমুখ্যে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে কালি পুৱা ৭.৩০ বজাত ধুবুৰীস্থ জিলা পুথিভঁৰাল প্ৰাংগণত সাংগঠনিক পতাকা উত্তোলনেৰে সংগঠনটোৰ অসম ৰাজ্যিক অধিৱেশনখনৰ শুভাৰম্ভ ঘটিছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like