নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন সতীৰ্থ সন্মিলন

নিয়মীয়া বাৰ্তা,  ৩০ জুলাই : কামৰূপৰ বকোৰ বৃহত্তৰ নগৰবেৰা অঞ্চলৰ আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিদ্যালয়খনৰ প্ৰাক্তন সতীৰ্থ সন্মিলন অনুষ্ঠিত হয় | ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈ বিদ্যালয়খনত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আজিৰ এই সন্মিলনৰ আয়োজন কৰে | পুৱাৰে পৰা প্ৰাক্তন সহপাঠী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ নাম পঞ্জীয়ন, ইতিমধ্যে প্ৰয়াত প্ৰাক্তন শিক্ষক-সতীৰ্থলৈ শ্ৰদ্ধাঞ্জলি, গছপুলি ৰোপণ, প্ৰাক্তন সহপাঠী পৰিয়ালবৰ্গৰে পৰিচয় পৰ্ব আদি কাৰ্যসূচী সম্পন্ন হয় |দুপৰীয়া প্ৰীতিভোজৰ অন্তত মত বিনিময় অনুষ্ঠান আৰু আবেলি ১ বজাৰ পৰা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মদন পাঠকৰ সঞ্চালনাত অনুষ্ঠিত হয় সহপাঠী সন্মিলন ৷ উক্ত সন্মিলনত বিদ্যালয়খনৰ প্ৰাক্তন তথা বৰ্তমানৰ কেইবাগৰাকী শিক্ষক ক্ৰমে মংগল ঠাকুৰ, ইদ্ৰীছ আলী, কিশোৰী মোহন দাস, বিনয় দাস, পবিত্ৰ কুমাৰ মেধি, দীনেশ কলিতা, অধ্যক্ষ ধনেশ্বৰ দাসকে আদি কৰি কেইবাগৰাকী শিক্ষাগুৰু উপস্থিত থাকি নিজৰ নিজৰ ভাষণত শিক্ষানুষ্ঠানখনৰ অতীত ৰোমন্থন কৰি তদানীন্তন আৰু সাম্প্ৰতিক কালৰ শৈক্ষিক বিশ্লেষণ আগবঢ়ায় | কেইবাগৰাকীকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অতীতক সুঁৱৰি নষ্টালজিক হৈ পৰে ৷ উক্ত কাৰ্যসূচীত সহপাঠী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালবৰ্গৰ উপৰি বৰ্তমান অধ্যয়নৰত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। একালৰ বিদ্যালয়ৰ সতীৰ্থবৰ্গক কাষত পাই সকলো আনন্দত আত্মহাৰা হৈ পৰে। আনকি সকলোৱে সমস্বৰে একাধিক জনপ্ৰিয় গীত পৰিৱেশন কৰি নাচি-বাগি অনুষ্ঠানটি উপভোগ্য কৰি তোলে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like