নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজুগুৰি ভি আই পি পথত ভয়ংকৰ দুৰ্ঘটনা

বিশেষ বাৰ্তা,  ৩০ জুলাই : আজি পুৱা তিনিচুকীয়াৰ হিজুগুৰি ভি আই পি পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।  তিনিচুকীয়া বৰগুৰিৰ কৰ্টৰ দিশৰ পৰা গৈ থকা এখন টাটা পাঞ্জাৱবডী গাড়ীয়ে বিপৰীত দিশৰ পৰা আহি থকা এজন ১৩ বছৰীয়া কিশোৰক মহটিয়াই নিয়ে । জানিব পৰা মতে, চাহানী উপাধিৰ কিশোৰজনে পূজাৰ বাবে ফুল লৈ ঘৰলৈ উভতি অহাৰ সময়তে উক্ত  পাঞ্জাৱবডী বাহনখনে কিশোৰজনৰ পেটৰ ওপৰেদি গাড়ীৰ চকা উঠাই দিয়ে । পৰৱৰ্তী সময়ত ততাতৈয়াকৈ অতি সংকটজনক অৱস্থাত কিশোৰজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AR-16 A-8211 । কিছু সময় পাছত ঘটনাস্থলীত হিজুগুৰি আৰক্ষী আৰু তিনিচুকীয়াৰ যান-বাহন আৰক্ষী উপস্থিত হৈ গাড়ীখন জব্দ কৰাৰ লগতে ট্ৰাকচালকজনক আটক কৰি আৰক্ষী থানালৈ লৈ যায় । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকচালক জনৰ নাম উমৰ তামাং আৰু হেণ্ডিমেন সঞ্জু গোৱালা বুলি স্থানীয় ৰাইজে অৱগত কৰাৰ লগতে দুয়োজনকে উপস্থিত ৰাইজে সুৰা সেৱন কৰি গাড়ী চলোৱা বুলি লপাথপা দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োজনকে ক্ষুব্ধ ৰাইজৰ পৰা উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

প্ৰেৰক বিবেক বড়া

You might also like