নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি আকাশৰ তললৈ বীৰ লাচিত সেনাৰ ৬ সদস্য

বিশেষ বাৰ্তা, ৩০ জুলাই : বেলতলাত অনা-অসমীয়াৰ গাত হাত দি শনিবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ ৬ সদস্য। অৱশেষত মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনাৰ সদস্যকেইজন। জামিন লাভৰ পাছতেই লাচিত সেনাৰ সম্পাদক বিকাশ অসমে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমীয়াৰ স্বাৰ্থত কাম কৰি আছোঁ আৰু কৰি যাম। ব্ৰইলাৰ মুৰ্গীয়ে লোকেলৰ ওপৰত পাৱাৰ দেখুৱালে নহ’ব। অসমীয়াক অনা-অসমীয়াই কাটিবলৈ খেদি আহিব, সেয়া সহ্য কৰা নহ’ব। আইন হাতত তুলি লোৱাটো আমাৰ ভুল আছিল যদিও পৰিস্থিতিত পৰিলে কেতিয়াবা হৈ যায়। বীৰ লাচিত সেনাৰ ৩০০ সদস্য গোটেই গুৱাহাটীত ঘূৰি থাকে। শনিবাৰৰ ঘটনাটো সংঘটিত হওঁতে আমি সেই ঠাইতে আছিলোঁ। তদুপৰি তেওঁ কয়- বহিৰাগত ব্যক্তিসকল ইয়ালৈ আহিছে, আমাৰ ক’বলগীয়া একো নাই। অসমীয়া জাতিটো খুব বেছি অতিথিপৰায়ণ, কিন্তু সেইবুলি কোনো অসমীয়া ব্যক্তিৰ স্বাভিমানত বা সন্মানত কোনো বহিৰাগত ব্যক্তিয়ে আঘাত হানিব, সেয়া সহ্য কৰা নহ’ব।

You might also like