নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ চেঁচামুখ গডছ উহল নিচামুক্তি কেন্দ্রত অঘটন

🔴 চিকিৎসাধীন যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

নিয়মীয়া বার্তা, ৩০ জুলাই : হাজোৰ চেঁচামুখস্থিত গডছ উহল নিচামুক্তি কেন্দ্রত অঘটন ৷ নিচামুক্তি কেন্দ্রটোত চিকিৎসাধীন যুৱক এজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আঁকোৱালি লোৱা যুৱকজন হৈছে গৌৰীপুৰৰ তৌফিক আলী (২৬) ৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, নিচাসক্ত গৌৰীপুৰৰ যুৱকজনক পৰিয়ালৰ লোকে প্রায় দহ দিন পূর্বে চেঁচামুখ গডছ উহল নিচামুক্তি কেন্দ্রটোলৈ আনিছিল ৷ হঠাৎ কালি বিয়লিৰ ভাগত কেন্দ্রটোত থকা অৱস্থাতে অসুস্থ হৈ পৰে যুৱকজন ৷ ততালিকে নিচামুক্তি কেন্দ্রটোৰ কর্মচাৰীয়ে যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে ৷

You might also like