নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ ৰাজ্য চৰকাৰে দেশৰ জনগণক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৰূপায়ণ কৰিছে জল জীৱন মিছন আঁচনি। এই আঁচনিখনৰ শ শ আঁচনিয়েই বিকল আৰু বহু আঁচনি ব্যৱহাৰেই নহ’ল। এই ঘটনা ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰূপ জিলাৰ বকো উপ সংমণ্ডল এলেকাৰ। উল্লেখ্য যে চৰকাৰৰ জল জীৱন মিছন আঁচনি ৰূপায়ণ সম্পৰ্কে এই প্ৰতিবেদকে কেইবাখনো পঞ্চায়ত এলেকা পৰিভ্ৰমণ কৰাত দেখা গ’ল বিভাগটোৱে ৰূপায়ণ কৰা শতাধিক আঁচনি বিকল। ইফালে বহু আঁচনি ব্যৱহাৰেই হোৱা নাই। আনহাতে বহু আঁচনি নিৰ্মাণ কৰিছে যত প্ৰাথমিক বিদ্যালয় বহু বছৰ আগতে বন্ধ হৈ পৰিছে। কিছু আঁচনি নিৰ্মাণ কৰিছে সমাজ কল্যাণ বিভাগৰ অংগনৱাড়ী কেন্দ্ৰ নাই অথবা বন্ধ হৈ পৰিছে তেনে স্থানত। ইফালে চৰকাৰৰ বিভাগটোৰ বিষয়া-কৰ্মী আৰু অভিযন্তাৰ অমনযোগিতাৰ বাবে হওক অথবা নিৰ্লুপ্ত ভুমিকাৰ বাবে হওক অসাধু ঠিকাদাৰে কোনো বিধি ব্যৱস্থা নোহোৱাকৈ নিৰ্মাণ কৰিছে বহু আঁচনি। এয়া মাথোন উদাহৰণহে। বাস্তৱ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জল জীৱন আঁচনিখন বিভাগটোৰ দায়িত্ববাহী বিষয়া কৰ্মীৰ সোণৰ কণী পাৰা হাঁহৰ লেখিয়া আঁচনিহে হৈছে।
প্ৰেৰক বিষ্ণু ৰাম দাস