বিশেষ বাৰ্তা, ২ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে প্ৰতিটো দিনতেই এতিয়া মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। তেনে সময়তে আজি তিনিচুকীয়াৰ দহোটীয়াচুকৰ নিৰ্মল ভৱনৰ ভাড়াঘৰৰ পৰা এক বিশেষ খৱৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ সহযোগত অভিযান চলাই এজন যুৱক আৰু দুগৰাকী মহিলা সৰবৰাহকাৰীৰ পৰা ১০টাকৈ চাবোনৰ বাকচত হেৰ’ইন জব্দ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ১২৫.৫৭ গ্ৰাম ৷ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীটো বিকি সিংহা আৰু আন দুগৰাকী মহিলা ৷ এইসন্দৰ্ভত অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জানিবলৈ দিয়া অনুসৰি আটকাধীন সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা। ইয়াৰ লগতে তিনি সৰবৰাহকাৰীৰ পৰা চাৰিটা মোবাইল ফোনসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। হেৰ’ইনখিনি ডিমাপুৰৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে দুই মহিলাই লৈ আহিছিল তিনিচুকীয়ালৈ। তিনিচুকীয়া, ধেমাজি আৰু অৰুণাচলত বিক্ৰী কৰিবলৈ ডিমাপুৰৰৰ পৰা বিকি সিংহাসহ আন এজনে সৰবৰাহ কৰি আনিছিল তিনিচুকীয়ালৈ। উক্ত ঘটনাৰ স’তে জড়িত এজন বৰ্তমান পলাতক যদিও আৰক্ষীৰ অভিযান অব্যাহত আছে৷ উল্লেখযোগ্য যে বিগত মাহত তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ১ কোটি ২০ লাখ টকাৰ মাৰাত্মক ড্ৰাগছৰ লগতে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷
প্ৰেৰক বিবেক বড়া