নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ শিৱসাগৰৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে শ শ দুৰ্ভগীয়া পৰিয়াললৈ কাল অমানিশা নমাই অনা অৱৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়ে ভয়ংকৰ ৰূপত চানি ধৰিছে জিলাখনৰ সৰ্বত্ৰ ৷শ শ পৰিয়াললৈ দুৰ্য্যোগ নমাই অনা তথা অৱৈধ সুৰা সহিতে আটক হোৱা দেৱযানী ভৰালী নামৰ এগৰাকী সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৱকাৰী বিভাগে গ্ৰহণ কৰা ৰহস্যজনক ভূমিকাৰ প্ৰতিবাদকল্পে শতাধিক ভক্তভূগী পৰিয়াল আৰু ৰাইজে অচিৰেই আৱকাৰী বিভাগৰ কাৰ্য্যালয় ঘেৰাওৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে, শিৱসাগৰ জিলাত আবকাৰী বিভগৰ বিয়াগোম বিষয়াৰ চকুৰ সন্মুখতেই চলিছে এই অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ বাবে কৰ সংগ্ৰহ কৰাতকৈ উপৰুৱা ধন সংগ্ৰহেৰে নিজৰ জেপ গৰম কৰাত ব্যস্ত হৈ পৰাৰ ৰাজহুৱা অভিযোগ উঠিছে৷ আবকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰীৰ বাবেই সম্প্ৰতি জিলাখনত অবৈধ সুৰাৰ অবাধ প্ৰচলনৰ ফলত ভয়ংকৰ ৰূপত আইন শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জনসাধাৰণে মুকলি মন্তব্য কৰিবলৈ বাধ্য হৈছে ৷বিশেষকৈ অবৈধ সুৰা ব্যৱসায়ীক নিয়ন্ত্ৰণ নকৰাৰ বাবে শিৱসাগৰৰত ইতিপূৰ্বে কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছে ৷ ৰাজহুৱা অভিযোগ অনুসৰি আবকাৰী বিভাগৰ বিষয়া- কৰ্মচাৰী সকলৰ কৃপাত শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ তিনিশটাৰো অধিক স্থানত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলিছে ৷ মাহেকীয়া কমিচনৰ আশাত বন্দী বিভাগে এই ঘাটী সমূহত অভিযান চলোৱাৰ পৰা বিৰত থকাৰ বাবেই সৰ্বত্ৰ চানি ধৰিছে অৱৈধ সুৰাই৷আনহাতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে কালি থানা এলেকাত অভিযান চলাই ৮০০ লিটাৰৰো অধিক দেশীয় সুৰা বটল সহিতে নষ্ট কৰাৰ লগতে অবৈধ সুৰা প্ৰস্তুত কৰা ঘাটী ধবংস কৰিবলৈ সক্ষম হয়৷ ইয়াৰ তিনিদিনৰ পূৰ্বে শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰ আৰক্ষী চকীৰ আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ কিন্তু আৰক্ষী প্ৰশাসনৰ এনে তৎপৰতাৰ বিপৰীতে আবকাৰী বিভাগৰ তৎপৰতা সন্দেহজনক৷কিয়নো গ্ৰাম্য অঞ্চললৈ ষ্টেচন ছাৰিআলি কনক নগৰৰ এখন বিলাতী সুৰাৰ বিপনীৰ পৰা দৈনিক লক্ষ লক্ষ টকীৰ সুৰা দিনৰ পোহৰতেই সৰৱৰাহ হৈ থকাৰ পিছতো বিপনী খনত বিভাগে অভিযান চলাবলৈ সাহস নকৰাৰ ঘটনা ৰাইজৰ বাবে অবুঁজ সাথৰত পৰিণত হৈছে ৷ফলস্বৰূপে শিৱসাগৰত সামাজিক পৰিবেশ দ্ৰুত গতিত বিনষ্ট হৈছে৷ শিৱসাগৰৰ বগীদ’ল, মেটেকা, বৃটিছ কলনি, জোনাকী নগৰ, ৰাং চলিহা গাঁৱত সম্প্ৰতি অবৈধ সুৰৰ অবাধ প্ৰচলনে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ দিখৌ দলঙৰ সমীপৰ বৃটিছ কলনিত চেনাই নামৰ এটা সুৰা মাফিয়া আৰু তাৰ পত্নীয়ে আবকাৰী বিভাগৰ পৃষ্ঠপোষকতাত মুকলিমূৰীয়াকৈ অবৈধ সুৰা বিক্ৰী কৰিছে ৷ এই ঘাটীৰ বাবে অঞ্চলটোত দৈনিক কাজিয়াৰ সূত্ৰপাত হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ ইতিপূৰ্বে শিৱসাগৰৰ নকটানী অঞ্চলত সুৰাৰ বাবে এটা হত্যাকাণ্ড সংঘটিত হৈ গৈছে ৷ আৰক্ষীয়ে সুৰাৰ ঘাটীত অভযান চলাই লাখ টকাৰ সুৰা জব্দ কৰে যদিও আবকাৰী বিভাগৰ অধীক্ষক আৰু পৰিদৰ্শক ব্যস্ত কমিচনৰ অংকত ৷ ইতিপূৰ্বে আৰক্ষীয়ে গেলেকীত এটা সুৰাৰ ঘাটী উৎখাত কৰাৰ লগতে কেইবা হেজাৰ লিটাৰ সুৰা ধবংস কৰিছে ৷ শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰ অঞ্চলত ভয়ংকৰ ৰূপত বৃদ্ধি পাই অহা অৱৈধ বিদেশী সুৰাৰ মূল সৰৱৰাহকাৰী দেৱযানী ভৰালীৰ বিৰুদ্ধে আৱকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷দেশীয় সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ গইনা লৈ অৰুণাচলী সুৰাৰ চোৰাং বেহা আৰু অবৈধ বিদেশী সুৰাৰ বেহাৰে ঐতিহাসিক অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ দেৱযানী ভৰালীৰ দেশীয় সুৰাৰ বিপনীৰ পৰা লাখ লাখ টকাৰ অৱৈধ বিদেশী সুৰা আৰক্ষীয়ে জব্দ কৰাৰ পিছতো কিয় দেৱযানী ভৰালীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নাই তাক লৈ ৰাইজে মুকলি প্ৰশ্ন উত্থাপন কৰিছে ৷ ৰাজ্যচৰকাৰক ৰাজহ ফাঁকিৰে দৈনিক লাখ লাখ টকাৰ অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছিল৷ এইগৰাকী দেৱযানী ভৰালীৰ গোদামৰ পৰা পাঁচ লাখকৈ টকাৰ বিদেশী আৰু অৰুণাচলত নিৰ্মিত সুৰা উদ্ধাৰৰ পিছতেই ৰাইজৰ চকু কঁপালত উঠে ৷স্বাভাৱিকতেই আৱকাৰী অধীক্ষক গৰাকীয়ে তাৎক্ষনিক ভাৱে দেৱযানী ভৰালীৰ নামত থকা অনুজ্ঞাপত্ৰ বাতিলৰ বাবে প্ৰশাসনক লিখিত পত্ৰ প্ৰদান কৰিব লাগিছিল যদিও কাৰ্য্যত সেইয়া পৰিলক্ষিত নহ’ল ৷ ৫ লাখ টকাৰ অবৈধ সুৰা জব্দৰ দুটা মাহ উকলি যোৱাৰ পিছতো দেৱযানী ভৰালীৰ দেশীয় সুৰা বিক্ৰী বিপনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰা নাই সেইয়াহে এই মুহূত্বত লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷ বৰঞ্চ আবকাৰী বিভাগে দেৱযানী ভৰালীক উপৰুৱা ধন লাভৰ স্বাৰ্থতেই পুণৰ সুৰাৰ বেহা চলাবলৈ ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উঠিছে ৷ শেহতীয়া ভাৱে এই গৰাকী ভৰালীয়ে পুনৰ সুৰা ব্যৱসায় আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ৷ যাৰ বাবে ক্ষোভিত ৰাইজে আৰু দুৰ্ভগীয়া পৰিয়ালে আবকাৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ প্ৰস্তুতি চলোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহণ কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান