নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছসদৃশ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ এই ৰোগত জিলাখনত এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হৈছে। জিলাখনত আজিলৈকে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছসদৃশ ৰোগত মুঠ ৫৭গৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত  (J E) ১৯গৰাকী আৰু এনকেফেলাইটিছসদৃশ (AES) ৰোগত ৩৮গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ৷ লক্ষ্যণীয় যে আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱাৰ অধিকাংশই বিগত সময়ছোৱাত প্ৰতিষেধক লৈছিল। এই কথা সদৰী কৰিছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে ৷ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে সদৰী কৰা অনুসৰি, ডিমৌ স্বাস্থ্যখণ্ডৰ এলেকাত সৰ্বাধিক ৮গৰাকী, গেলেকীত ৫গৰাকী, খেলুৱাত ৪গৰাকী আৰু ম’ৰাবজাৰ খণ্ডত ২গৰাকী ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বুলি বিভাগীয় তথ্যত স্পষ্ট কৰি দিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like