নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ এগৰাকী দহ মহীয়া গৰ্ভৱতী মহিলাৰ মৃত্যুৰ চাঞ্চল্য অব্যাহত আছে টিংখাঙত। কালি সন্তান প্ৰসৱৰ দিন আছিল যদিও চাৰি দিনৰ পূৰ্বে অৰ্থাৎ যোৱা দেওবাৰে ৰহস্যজনকভাৱে অকাল মৃত্যুক সাৱতি লব লগা হয় টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ভালোকমৰা গাঁৱৰ বোৱাৰী কংকনা বৰবৰুৱাৰসহ পেটত থকা সন্তানে। এই ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰাই চাঞ্চল্য অব্যাহত আছে টিংখাঙৰ ৰাজগড়ত। সকলো হৃদয়বান লোককে জোকাৰি যোৱা এই ঘটনাৰ পাছত টিংখাঙৰ আৰক্ষী প্ৰশাসনে তদন্ত কৰি ঘটনাৰ সন্দৰ্ভত কংকনাৰ স্বামী বিপ্লৱ হাজৰিকা আৰু শাহু মিনতি হাজৰিকাক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে শাহু মিনতি হাজৰিকাক জেললৈ প্ৰেৰণ কৰিছে যদিও অধিক তদন্তৰ বাবে বিপ্লৱ হাজৰিকাক চাৰি দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয়। এই হৃদয়বিদাৰক তথা মৰ্মান্তিক ঘটনাটোৰ সৈতে জড়িত থকা হত্যাকাৰী সকলোকে ফাষ্ট টেক আদালতৰ দ্বাৰা বিচাৰ কৰি ফাঁচী দিবলৈ দাবী জনায় আজি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে মৃত কংকনা বৰবৰুৱাৰ মাতৃ গৃহ টিংখাঙৰ ৰংছোৱাল গাঁৱৰ শতাধিক পুৰুষ মহিলাই। প্ৰতিবাদকাৰীসকলে স্বামী বিপ্লৱ হাজৰিকা পৰিয়ালৰ সকলো সদস্যক তদন্তৰ আওতালৈ অনা, দোষীক ফাঁচী দিয়া, তদন্তৰ গতি খৰতকীয়া কৰা আদি দাবী উত্থাপন কৰি টিংখাং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে এই মৰ্মান্তিক ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াত যাতে কোনোধৰণৰ ত্ৰুটি থাকি নাযায় তাৰ বাবে আৰক্ষী প্ৰশাসনক নিখুঁত ভাবে তদন্ত কৰিবলৈ আহ্বান জনোৱা বুলি টিংখাং ৰাজহ চক্ৰ বিষয়া ডঃ উপাসনা দুৱৰাই জানিবলৈ দিয়ে ।
প্ৰেৰক কৃষ্ণ গগৈ