বিশেষ বাৰ্তা, ৩ আগষ্ট : অসম কন্যা বিশ্ৰুতী বৰাৰ শিৰত জিলিকিল জুনিয়ৰ মিছ ইণ্ডিয়া-২০২৩ৰ মুকুট। গোৱাত অনুষ্ঠিত নেচনেল লেভেল জুনিয়ৰ কিডছ (বি) শাখাৰ সৌন্দৰ্য প্ৰতিযোগিতাত নগাঁৱৰ ৬ বছৰীয়া বিশ্ৰুতী বৰাই অংশ লৈ শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জনেৰে অসমবাসীক গৌৰৱান্বিত কৰি তোলে। জুনিয়ৰ মিছ ইণ্ডিয়া (বি) শাখাৰ নিয়ম অনুসৰি বিজয়ী প্ৰতিযোগীসকলে মালয়েছিয়াত হ’বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰত্যক্ষভাৱে ভাগ লব পাৰে। শিৰত বিজয়ৰ মুকুট আৰু কান্ধত চেছ পৰিধান কৰা মাত্ৰেই বিশ্ৰুতীৰ মালয়েছিয়া যাত্ৰাও এতিয়া নিশ্চিত হৈ পৰিছে। ইয়াৰ উপৰি কণমানি বিশ্ৰুতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা জুনিয়ৰ লেভেল সৌন্দৰ্য প্ৰতিযোগিতাসমূহত খিতাপ অৰ্জনৰে সময়ে সময়ে ৰাজ্যবাসীক গৌৰৱান্বিত কৰি আহিছে। বিশ্ৰুতীয়ে ২০২০ বৰ্ষতে মিছ কিডছ তেজপুৰ, মিছ কিডছ নৰ্থ ইষ্ট আৰু কাচোনমতী মিছ কিডছ ধেমাজি আৰু ২০২১ বৰ্ষত মিছ আছাম কিডছৰ বিজয়ৰ মুকুট শিৰত জিলিকাবলৈ সক্ষম হৈছিল। ইফালে স্বাভাৱিকতেই বিশ্ৰুতীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ। অতি কম বয়সৰ পৰাই বিশ্ৰুতীৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতি অধিক আগ্ৰহ দেখি তাইক পিতৃ মাতৃৰ সমান্তৰালকৈ আত্মীয়সকলেও সহযোগিতা আগবঢ়াইছিল। যাৰ বাবেই হয়তো বিশ্ৰুতীয়ে ৬ বছৰ বয়সতে অসমৰ নাম বহি:ৰাজ্যত উজলাই তুলিবলৈ সক্ষম হৈছে। অসমবাসীৰ আশিস শিৰত লৈ বিজয়ৰ মুকুট শিৰত পৰিধান কৰাৰ লক্ষ্যৰে অহা মাহত বিশ্ৰুতীয়ে উৰা মাৰিব মালয়েছিয়ালৈ।
প্ৰেৰক কনক হাজৰিকা