নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীৰে শিৱসাগৰত যুৱ মঞ্চৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যখনৰ সকলো বিপজ্জনক গাঁত পুতিবলৈ আয়ুক্তসকলক কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছতো বিগত দুটা মাহে উন্মুক্ত হৈ থকা এটা ভঙা কালভাৰ্টৰ প্ৰকাণ্ড গাঁতে ব্যাহত কৰি ৰাখিছে এটা ৰজাদিনীয়া পথেৰে সকলো ধৰণৰ যাতায়ত৷ সুদীৰ্ঘ দুটা মাহে এটা ব্যস্ত পথৰ মাজত থকা কালভাৰ্ট ভাঙি সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে ৰজাদিনীয়া চিপাহী আলিৰে সকলো ধৰণৰ যাতায়ত বন্ধ হৈ থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ গা- নলৰাৰ প্ৰতিবাদকল্পে আজি অসমীয়া যুৱ মঞ্চৰ শ শ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধেৰে জয়সাগৰৰ বৰ আলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অসমীয়া যুৱ মঞ্চৰ জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ন কৰা এই প্ৰতিবাদী অৱৰোধ কাৰ্য্যসূচীৰ ফলত অতি ব্যস্ত বৰ আলিৰে সকলো ধৰণৰ যাতায়ত ব্যাহত হৈ পৰে৷ প্ৰতিবাদী অৱৰোধ কাৰ্য্যসূচীৰ ফলত নাজিৰা-বৰআলি, নামতি চাৰিআলি-সুন্দৰপুৰ বৰআলি পথটো সম্পুৰ্ণ ৰূপে বন্ধ হৈ পৰে৷ ইফালে জয়সাগৰ অঞ্চলৰ গুৰুত্বপুৰ্ণ বিষয় সমুহক লৈ দীৰ্ঘ সময় ধৰি সৰৱ ভূমিকা পালন কৰি অহা অসমীয়া যুৱ মঞ্চৰ জয়সাগৰ আঞ্চলিকে ৰূপায়ণ কৰা এই প্ৰতিবাদী অৱৰোধ কাৰ্য্যসূচীৰ বিষয়ে আগতীয়াকৈ জ্ঞাত হৈ বৃহৎ আৰক্ষী বাহিনীয়ে সমগ্ৰ অঞ্চলটোত এক যুদ্ধ সদৃৰ্শ পৰিৱেশৰ সৃষ্টি কৰে৷ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা বিশাল আৰক্ষী বাহিনীয়ে গণতান্ত্ৰিকভাৱে এক জলন্ত সমষ্যাক লৈ সাব্যস্ত কৰা নিৰস্ত প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰি বৰ্বৰতা প্ৰদৰ্শন কৰে ৷ আৰক্ষী বাহিনীয়ে অসমীয়া যুৱ মঞ্চৰ কৰ্মকতা সকলক গতিয়াই অৱৰোধস্থলীৰ পৰা আতৰাই পঠাবলৈ চেষ্টা কৰাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰায় ৪৫ মিনিট ধৰি অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা এগৰাকী কাৰ্য্যবাহী দণ্ডাধীশে প্ৰতিবাদকাৰীৰ অভিযোগৰ বুজ লোৱাৰ লগতে সংগঠনটোৰ তৰফৰ কাৰ্য্যবাহী দণ্ডাধীশ গৰাকীৰ যোগেদি জিলা আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে  স্মাৰকপত্ৰৰ জৰিয়তে জয়সাগৰৰ অভিন্ন অংগ স্বৰূপ জোলা গাৱৰ মাজেদি পাৰ হৈ যোৱা পথটিৰ অৱস্থা বৰ্তমাণ সময়ত গৰু-ছাগলী অহা যোৱা পথতকৈও ভয়ানক হৈ পৰিছে৷ এজাক বৰষুণতেই আমগুৰি গাঁৱৰ জোলা গাও তিনি আলিৰ পৰা চাৰিশ মিটাৰ দৈঘ্যৰ অংশ হৈ পৰে এক ভয়ংকৰ অৱস্থাৰ৷ একাংশ প্ৰতিবেশীয়ে পথটোৰ দুয়োপাৰে থকা চৰকাৰী নৰ্দমা সম্পুৰ্ণৰূপে পুঁতি পেলোৱাৰ ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰি এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰি আহিছে ৷ বাৰম্বাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱক স্থানীয় ৰাইজ আৰু গাও প্ৰধানে লিখিত ভাৱে দুৰৱস্থাৰ কথা অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷ বৰআলিত সংযোগ ঘটা চিপাহী তিনি আলিত দীৰ্ঘ তিনিটা বছৰ ধৰি এজাক বৰষুণতেই সম্পুৰ্ণ পথটো পানীত বুৰ যায় ৷ দুৰ্ভাগ্যজনক ভাৱে লক্ষাধীক টকাৰ দৰমহাৰে বহি থকা বিয়াগোম অভিযন্ত্ৰা, আশী-নব্বৈ হাজাৰ টকাৰ দৰমহা লাভ কৰা মহৰীয়ে কিন্তু আজিপৰ্য্যন্ত পথত গোট খাই যাতায়ত বাধাগ্ৰস্থ কৰা বৰষুণৰ পানী খিনি উলিয়াই নিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহল  ৷বিদ্যালয়-মহাবিদ্যালয়ত অধ্যায়নৰত ছাত্ৰী ছাত্ৰীৰ অহা- যোৱা কৰা, অসুস্থ ৰোগী- প্ৰসূতি কঢ়িয়াবৰ বাবে জৰুৰী সেৱা চলাচলৰ বাবেও গুৰুত্বৰ সমষ্যাৰ সৃষ্টি হোৱা চিপাহী আলি আৰু জোলা গাঁও পথ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বৃহত্তৰ অঞ্চলবাসীৰ সহযোগত অচিৰেই ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি অসমীয়া যুৱ মঞ্চই সকীয়াই দিয়ে ৷

প্ৰেৰক  আশ্ৰফুৰ ৰহমান

You might also like