নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য কাজিৰঙা : চামগুৰিত লোকসভাৰ ৰণচালি বিজেপিৰ

নিয়মীয়া বাৰ্তা, ৩ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা তথা প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিটোত বিজেপিৰ জয় সুনিশ্চিত।- এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ ৷ বিজেপি অসম প্ৰদেশ “লোকসভা প্ৰবাস যোজনা“ অধীনত নগাঁৱৰ চামগুৰিৰ আমনিস্থিত এছ আই পি আৰ ডিৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এখন বিশেষ সাংগঠনিক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতা উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে ২০২৪ চনৰ তথা আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ তথা প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা এইবাৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ জয়ী হোৱাতো সহজসাধ্য নহব যাৰে বাবে নগাঁও লোকসভা সমষ্টিৰ পৰাও যদি নিৰ্বাচন খেলে তেতিয়াও পৰাজিত হব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ কলিয়াবৰ লোকসভা তথা প্ৰস্তাৱিত কাজিৰঙা লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত বিজেপিৰ বিশেষ সাংগঠনিক সভা খনত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১২খনতকৈয়ো অধিক আসন দখল কৰিব ৷ সাংসদ গৌৰৱ গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বৰ্তমানলৈকে কলিয়াবৰৰ এটাও জ্বলন্ত সমস্যা সমাধান নকৰিলে বুলি কঠোৰ সমালোচনা কৰে৷ বিজেপি নেতৃতাধীন চৰকাৰখনে কাজিৰঙাখন বেদখলমুক্ত কৰাৰ বাবে আজি গঁড় হত্যা ৰোধ হৈছে বুলি ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে অখিল গগৈকে ধৰি অন্যান্য লোকৰ গাত ভেজা দি কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰিছে, যাৰ বাবে তেওঁলোকক অসমৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৰাজ্যিক সম্পাদকগৰাকীয়ে ৷ আজি অনুষ্ঠিত “লোকসভা প্ৰবাস যোজনা“ অনুষ্ঠানত বিজেপিৰ উপ-সভাপতি অশোক ভট্ট, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, কলিয়াবৰৰ প্ৰভাৰী ঋতুবৰণ শৰ্মা, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াকে ধৰি বহুকেইজন নেতাই ভাষন প্ৰদান কৰে ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰস্তাৱিত কাজিৰঙা সমষ্টিটো বিজেপি দখললৈ আনিবলৈ দলীয় নেতা কৰ্মীৰ লগত ৰণকৌশলৰ সম্পৰ্কে পৰ্যালোচনা কৰে ৰাজ্যিক নেতৃত্বতই৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like