নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালক শিক্ষক কেলেংকাৰি : ৰাষ্ট্ৰপতিৰ নিৰ্দেশত শিৱসাগৰ-চৰাইদেউত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ শিক্ষাগত অৰ্হতা, মেধা, বয়স, সাক্ষাতকাৰ, বিজ্ঞাপন অবিহনেই নাৱালক অৱস্থাতেই চৰকাৰী নিযুক্তিৰ সকলো নীতি নিয়মক ভৰিৰে মোহাৰি নগদ ধনৰ বিনিময়ত কংগ্ৰেছ-অগপৰ কাৰ্য্যকালত পাইকাৰী হাৰত নিযুক্তি লাভ কৰা তিনি সহস্ৰাধিক নাৱালক শিক্ষকৰ ভৱিষ্যতলৈ নামি আহিছে কাল অমানিশা৷ তদানীন্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইন আৰু নাৱালক শিক্ষক বাবুল আলি গ্ৰেপ্তাৰৰ দেৰটা বছৰৰ অতিক্ৰম কৰাৰ পিছতো নাবালক শিক্ষকৰ বিৰুদ্ধে চৰকাৰী তদন্ত ৰহস্যজনক ভাৱে স্থৱিৰ হোৱাৰ সময়তেই নাৱালক শিক্ষকলৈ দুৰ্য্যোগ নমাই আনিছে দেশৰ ৰাষ্ট্ৰপ্ৰতিৰ এক নিৰ্দেশে ৷ নাৱালক শিক্ষক কেলেংকাৰি পোন প্ৰথমে পোহৰলৈ অনা আমগুৰিৰ নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে দেশৰ ৰাষ্ট্ৰপ্ৰতিৰ কাৰ্য্যালয়ক জনোৱা এখন আৱেদনৰ ভিত্তিত ৰাষ্ট্ৰপ্ৰতিৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা অসম চৰকাৰৰ ৰাজহুৱা বিভাগলৈ ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতেই নাৱালক শিক্ষকে কাৰ্য্যনিৰ্বাহ কৰি থকা শিৱসাগৰ আৰু চৰাইদেউ জিলাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে  ৷উল্লেখ্য যে যোৱা এপ্ৰিল মাহত নাবালক শিক্ষক সম্বন্ধীয় বিষয়ৰ অভিযোগ পঞ্জীয়ন হৈছিল দেশৰ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ত ৷ স্মৰ্তব্য যে আমগুৰিৰ অসম নৱ নিৰ্মাণ সেনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জৰিত আৱেদন যোগে গোচৰ তৰাৰ পিছত ন্যায়ালয়ৰ নিৰ্দেশত শিৱসাগৰ আৰক্ষীয়ে দেৰ বছৰৰ পুৰ্বে বাবুল আলি নামৰ এগৰাকী নাৱালক শিক্ষক আৰু আনোৱাৰ হুছেইন নামৰ এগৰাকী তদানিন্তন শিক্ষা বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ৷কিন্তু অতি ৰহস্যজনক ভাৱে এগৰাকী নাবালক শিক্ষক আৰু এগৰাকী বহু বিতৰ্কীত শিক্ষা বিষয়াক গ্ৰেপ্তাৰৰ পিছতেই ৰহস্যজনক ভাৱে বৃহত অংকৰ বিনিময়ত তদন্তকাৰী আৰক্ষীয়ে গাপ দিছিল কেলেংকাৰীৰ গোচৰ ৷ফলত ক্ষোভিত অসম নৱ নিৰ্মাণ সেনাই সমস্ত অভিযোগ দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ক অৱগত কৰিছিল৷ দেশৰ প্ৰধানমন্ত্ৰী কাৰ্য্যালয়েও এই সন্দৰ্ভত অভিযোগৰ এটা গোচৰ পঞ্জীয়ন কৰে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভদ পি এম অ’ পি জি / ডি / ২০২৩/ ০০৬৯ ৩৭৯ নম্বৰৰ গোচৰৰ ভিত্তিত তদন্তৰ বাবে ৰাজ্য চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছিল ৷ইফালে অভিযোগ অনুসৰি কংগ্ৰেছ আৰু অগপৰ আমোলত একাংশ নেতা-মন্ত্ৰীৰ পৃষ্টপোষকতাত শিক্ষক নিযুক্তিৰ বেহা এনেদৰে চলিছিল যে, নিযুক্তিৰ সময়ত প্ৰাৰ্থীৰ কোনো শিক্ষাগত অৰ্হতা,যোগ্যতা, বয়সৰ প্ৰমাণ পত্ৰ, সাক্ষাতকাৰ অৱিহনেই ঘৰতেই নগদ ধনৰ বিনিময়ত দিছিল নিযুক্তি পত্ৰ ৷ইয়াৰোপৰি সেই সময়ত নিযুক্তি পত্ৰৰ তালিকা ৰাজনৈতিক নেতাৰ ঘৰতেই তৈয়াৰ কৰি শ শ বিদ্যালয়ত প্ৰায় তিনি হাজাৰ নাবালকক শিক্ষক হিচাবে নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছিল ৷আন নালাগে নৱ নিৰ্মাণ সেনাই আৰ টি আই যোগে লাভ কৰা তথ্যত মাতৃত কৈ পুত্ৰৰ বয়স মাত্ৰ দুবছৰ কম থকা জনেও শিক্ষক পদত নিযুক্তি পোৱাৰ ঘটনাই ৰাইজৰ চকু কঁপালত তুলিছিল ৷আনহাতেদি অসম নৱ নিৰ্মাণ সেনাই লাভ কৰা আৰ টি আই ৰ উত্তৰ অনুসৰি শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ডিমৌ খণ্ড প্ৰাৰ্থমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ মামল গড়ভগা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাবে নিযুক্তি লাভ কৰা এজন শিক্ষকৰ সেই সময়ত বয়স আছিল ১৭ বছৰ ৭ মাহ ৷আন এগৰাকী শিক্ষয়িত্ৰীৰ নিযুক্তিৰ সময়ত বয়স আছিল ১৬ বছৰ মাত্ৰ ৷শিৱসাগৰ জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে মাথো ১৫ বছৰ তিনি মাহতেই শিক্ষক হিচাবে নিযুক্তি লাভ কৰিছিল ৷জিলাখনৰ ৫৬২ নং নৰা কোঁৱৰ বাইলুং পথাৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে ১৭ বছৰ বয়সতে নিযুক্তি লাভ কৰিছিল ৷একে সময়তে ৪৯৯ নং প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে ১৯৮১ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷কিন্তু তেও যিখন এডমিট কাৰ্ড শিক্ষা বিভাগত দাখিল কৰিছিল সেই খনত মেট্ৰিক পৰীক্ষাত ১৯৮০ চনত উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰিছে ৷১৪৬ নং পতীয়া গাও প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে ১৭ বছৰ ৯ মাহতেই নিযুক্তি পাইছিল ৷এনেকোৱা তিনি সহস্ৰাধিক নাবালকে সেই সময়ত শিক্ষক হিচাবে নিযুক্তি লাভ কৰি একাংশই সহ শিক্ষক আৰু আন একাংশই আকৌ বিয়াগোম প্ৰধান শিক্ষক হিচাবে বীৰদৰ্পে কাৰ্য্যনিৰ্বাহ কৰি আছে ৷এই সন্দৰ্ভদ বাৰম্বাৰ ৰাজ্যৰ শিক্ষা বিভাগত অভিযোগ দাখিল কৰাৰ পিছতো এই সকল নাবালক শিক্ষকৰ বিৰুদ্ধে বিভাগটোৱে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷শেহতীয়াকৈ সকলো চৰকাৰী পক্ষৰ পৰা ন্যায় লাভ নকৰি অসম নৱ নিৰ্মাণ সেনাই দেশৰ ৰাষ্ট্ৰপ্ৰতি আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ক অভিযোগ দাখিলৰ পিছতেই ৰাষ্ট্ৰপ্ৰতিৰ কাৰ্য্যালয়ৰ এই তৎপৰতাই নিদ্ৰা হাৰিছে নাৱালক শিক্ষক মহলৰ মাজত ৷যি সময়ত ৰাজ্যখনৰ শিক্ষিত নিবনুৱা সকলে বহু কঠিন অধ্যায়ণ আৰু বহু কেইটা ৰাজ্যিক পৰ্য্যায়ৰ পানী নসৰকা সাক্ষাতকাৰৰ মাজেৰে শিক্ষক হিচাবে নিযুক্তি লাভৰ প্ৰতিযোগিতাত নামিছে সেই সময়তেই মেট্ৰিক পৰীক্ষাত কম্পাৰ্ট মেন্ট্ৰেল, গ্ৰেছ মাৰ্ক লাভ কৰা একাংশই শিক্ষক হিচাবে নিযুক্তি লাভ কৰি ফুলকুমলীয়া অৱস্থাতেই লাখ লাখ শিশুৰ ভৱিষ্যতলৈ আন্ধাৰ নমাই অনা শিক্ষক সকলৰ বিৰুদ্ধে দেশৰ ৰাষ্ট্ৰপ্ৰতিৰ কাৰ্য্যালয়ে দিয়া কঠোৰ নিৰ্দেশ ৰাজ্য চৰকাৰে কেনেদৰে কাৰ্য্যকৰী কৰে সেই আগন্তক দিনত লক্ষণীয় হব ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like