নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধ্রুপদী ভাষাৰ মর্যাদাৰ পৰা বঞ্চিত ‘অসমীয়া’

বিশেষ বার্তা, ৪ আগষ্টঃ অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা (ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ) প্রদানক লৈ মাত্র ছটা মাহৰ ভিতৰতে ৰাজ্যসভাৰ মজিয়াত পাভলুটি মাৰিলে কেন্দ্রীয় সাংস্কৃতিক–পর্যটন’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডীয়ে৷ কেৰালাৰ পৰা ৰাজ্যসভালৈ নির্বাচিত সাংসদ তথা বিশিষ্ট সাংবাদিক ড০ জন বিট্টাছৰ এক প্রশ্নৰ উত্তৰত কেন্দ্রীয় মন্ত্রী ৰেড্ডিয়ে ধ্রুপদী ভাষাৰ মর্যাদা প্রদান সম্পর্কীয় কোনো প্রস্তাৱেই চৰকাৰৰ হাতত নাই বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ লগে লগে কার্যতঃ আশাহত হ’বলগীয়া হ’ল অসম আৰু অসমীয়া ভাষা৷ কিন্তু একেজন কেন্দ্রীয় মন্ত্রী ৰেড্ডিয়ে উচ্চ সদনৰ মজিয়াত অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা প্রদানৰ বিষয়টো কেন্দ্রই বিবেচনা কৰি থকা বুলি সদৰী কৰিছিল৷ সেইদিনা প্রশ্নোত্তৰ কালত মহাৰাষ্ট্রৰ সাংসদ তথা প্রখ্যাত লেখক–সাংবাদিক কুমাৰ কেডকাৰৰ এটা প্রশ্নৰ উত্তৰ দি তেওঁ স্পষ্টভাৱে কৈছিল যে অসমীয়াৰ উপৰি পালি/প্রাকৃত, বাংলা, মণিপুৰী, সিন্ধি আৰু মৈথেলীক ধ্রুপদী ভাষাৰ মর্যাদা দিয়াৰ কথা কেন্দ্রই বিবেচনা কৰি আছে৷ সেই সময়ত কেন্দ্রীয় মন্ত্রী ৰেড্ডিয়ে প্রকাশ কৰা মতে নির্দিষ্ট যি ক্রাইটেৰিয়া আছে সেইমর্মে অসমীয়াই ধ্রুপদী ভাষাৰ মর্যাদা পাব পাৰে নে নাই, সেই কথা পৰীক্ষা–নিৰীক্ষা কৰি আছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখ্য যে ভাৰতত এটা ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি প্রদানৰ পূর্বে তিনিটা ক্রাইটেৰিয়া পূৰণ কৰে নে নাই সেয়া পৰীক্ষা কৰি চোৱা হয়৷ এই তিনিটা ক্রাইটেৰিয়াৰ প্রথমটো হৈছে এটা ভাষাৰ কমেও ১৫০০ বছৰ পুৰণি ইতিহাস থকাটো বাঞ্ছনীয়৷ দ্বিতীয়টো হৈছে ভাষাটোৰ প্রাচীন কোনো সাহিত্য অথবা লিখনী থাকিব লাগিব, যি যুগ যুগ ধৰি প্রজন্মৰ পিছত প্রজন্মৰ বাবে মূল্যৱান সম্পদ হিচাপে বিবেচিত হৈ আহিছে৷ তৃতীয়টো হৈছে সংশ্লিষ্ট ভাষাত সৃষ্টি সাহিত্যৰ ঐতিহ্য আন কোনো ভাষাৰ পৰা লব্ধ হ’ব নোৱাৰে, ই মৌলিক হ’ব লাগিব৷ লক্ষণীয়ভাৱে এই তিনিটা ক্রাইটেৰিয়া অসমীয়া ভাষাৰ আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই মুহূর্তত ভাৰতত ৬টা ধ্রুপদী ভাষা আছে৷ সেয়া হ’ল ২০০৪ চনত স্বীকৃতি প্রদান কৰা তামিল, ২০০৫ চনৰ সংস্কৃত, ২০০৮ চনৰ কান্নাড়া আৰু তেলুগু, ২০১৩ চনৰ মালয়ালম আৰু ২০১৪ চনৰ উড়িয়া৷ লক্ষণীয়ভাৱে অসমীয়াক ধ্রুপদী ভাষাৰ মর্যাদা দিয়াৰ বাবে ইতিপূর্বে ৰাজ্যসভাৰ মজিয়াত দাবী উত্থাপন হৈছিল৷ তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও এইক্ষেত্রত প্রয়াস অব্যাহত ৰাখিছে৷ কিন্তু ইয়াৰ মাজতে কেন্দ্রীয় মন্ত্রী ৰেড্ডিৰ আজিৰ ভাষ্যই বিষয়টোক কার্যতঃ ঠেলি দিলে অনিশ্চয়তাৰ দিশলৈ৷

You might also like