বাৰ্তা ব্যুৰ, গোৱালপাৰা, ৪ আগষ্টঃ গোৱালপাৰাৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত জিৰা-তৰেংথপ অঞ্চলৰ ৰাইজে কৃষ্ণাই নৈৰ বুকুত জীৱনটো হাতৰ মুঠিত লৈ বহিঃজগতৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলগীয়া হৈছে। বৃহত্তৰ জিৰা, খাৰদাং, তৰেংথপ, দায়ৰং আদিকে ধৰি ১০/১৫ খন গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে যাতায়ত অব্যাহত ৰাখিছে ৷ জিৰা হাইস্কুলৰ লগতে হাব্ৰাঘাট মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰছাত্ৰী সকলে টুলুঙা নাঁৱৰে জীৱনটো হাতৰ মুঠিত লৈ প্ৰতিদিনে বিপদসংকুলভাৱে ইপাৰ সিপাৰ কৰিবলগীয়া হৈছে। মৰনক শৰন দি টুলুঙা নাৱঁৰে জীৱনৰ আদিপাঠ গ্ৰহন কৰিবলৈ বিদ্যালয়লৈ অহাযোৱা কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰছাত্ৰীসকলেও। ইতিমধ্যে টুলুঙা নাৱঁত কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ খৰালি কালত ৰাইজে গাঠিৰ ধন খৰচ কৰি বাঁহৰ সাকো নিৰ্মাণ কৰি যাতায়ত কৰে যদিও বাৰিষাৰ আৰম্ভণিতে মেঘালয়ৰ পৰা নামি অহা পানীয়ে উটুৱাই নিয়ে বাঁহৰ সাকো। যাৰ ফলত টুলুঙা নাঁৱত ১০ টকাকৈ ভাড়া দি ইপাৰসিপাৰ হবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময়ত পকী দলঙৰ প্ৰতিশ্ৰুতি দি ৰানইজৰ ভোট আদায় কৰাৰ পাছত সকলো ফুটুকাৰ ফেনত পৰিনত হৈ পৰে। ইফালে স্থানীয় বিধায়ক যাদব স্বৰ্গীয়াৰীয়ে আজিলৈ ৰাইজৰ এই দুৰ্ভোগৰ খবৰ নলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ দাবী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাইজক সমস্যাক অকনমাণ গুৰুত্ব দি কৃষ্ণাইৰ নৈৰ ওপৰত এখন পৰী দলং নিৰ্মাণ কৰি উপকৃত কৰিব।
প্ৰেৰক উদিত নাৰায়ণ কলিতা