নিয়মীয়া বাৰ্তা, ৪ আগষ্ট : নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ শালবাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মীৰ দলে যোৱানিশা দক্ষিন ডিজু সংৰক্ষিত বনাঞ্চলৰ পৰা এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে শালবাৰী উপ-খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া ধ্ৰুৱজ্যোতি গায়নৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে আনদিনাৰ দৰে যোৱানিশা প্ৰায় ১০–৩০ মান বজাত দক্ষিণ ডিজু সংৰক্ষিত বনাঞ্চল খনত টহলদাৰী ডিউটি কৰিবলৈ গৈছিল ৷ বনাঞ্চলখনত বনকৰ্মীৰ দলটোৱে টহলদাৰী কৰি থকা সময়ত কোনো দুস্কৃতিকাৰীয়ে লুকুৱাই থোৱা অৱস্থাত এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে কোনো দুস্কৃতিকাৰীয়ে বন্যপ্ৰাণী নিধন কৰিবলৈ বনাঞ্চল খনত উক্ত হস্ত নিৰ্মিত বন্দুকটো লুকুৱাই থৈছিল বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে ৷ যোৱানিশা বন বিভাগে উক্ত সংৰক্ষিত বনাঞ্চলখনৰ পৰা উদ্ধাৰ কৰা হস্ত নিৰ্মিত বন্দুকটো আজি চামগুৰি থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ আৰক্ষীৰ হাতত চমজাই দিয়া হব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা