নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিয়ানাৰ সাম্প্ৰদায়িক হিংসাৰ আঁৰত অবৈধ বাংলাদেশী

বিশেষ বাৰ্তা, ৪ আগষ্টঃ সাম্প্রদায়িক হিংসাই ছানি ধৰা হাৰিয়ানাৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই৷ যোৱা সোমবাৰে নুহ জিলাৰ পৰা বিয়পি পৰা হিংসাত্মক ঘটনাৱলীয়ে হাৰিয়ানাবাসীক আতংকিত কৰি ৰাখিছে৷ অৱশ্যে বিশ্ব হিন্দু পৰিষদ (ভিএইচপি)–এ উলিওৱা ‘ব্রজ মণ্ডল যাত্রা’ত কোনে আক্রমণ চলাইছিল, হিংসা–অগ্নিসংযোগৰ আঁৰত কোন জড়িত তাৰ তদন্ত অব্যাহত ৰাখিছে হাৰিয়ানা আৰক্ষীয়ে৷ ইয়াৰ মাজতে এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ সাম্প্রদায়িক সংঘর্ষৰে হাৰিয়ানা জ্বলোৱাৰ মূলতে অসমৰ পৰা যোৱা অবৈধ বাংলাদেশী৷ সীমান্তৰে ভাৰত ভূমিত প্রৱেশ কৰি প্রথমতে অসমত থিতাপি লোৱা আৰু পিছত গৈ হাৰিয়ানাত বাহৰ পতা বাংলাদেশীৰ কাৰণেই ৰাজ্যখনত হিংসাৰ জুই বিয়পি পৰিছে৷ ইয়াৰ লগে লগে কার্যতঃ পুনৰবাৰ প্রতীয়মান হ’ল– দেশৰ সার্বভৌমত্ব–খণ্ডত কাৰণে এক বিৰাট ভাবুকিৰ কাৰক হৈ পৰিছে বাংলাদেশী অনুপ্রৱেশকাৰী৷ দেশৰ আগশাৰীৰ সংবাদ প্রতিষ্ঠান ‘এনডিটিভি’ৰ এই সম্পর্কীয় বাতৰি অনুসৰি সমগ্র বিষয়টোক লৈ মনোহৰলাল খট্টৰ নেতৃত্বাধীন হাৰিয়ানা চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ অকল কঠোৰ স্থিতি লোৱাই নহয়, নুহৰ সাম্প্রদায়িক সংঘর্ষত জড়িত থকাৰ প্রাৰম্ভিক তথ্য লাভৰ পিছতে তাৎক্ষণিকভাৱে বুলড’জাৰ চলোৱা হ’ল বাংলাদেশী অনুপ্রৱেশকাৰীৰ ২৫০টা জুপুৰিৰ ওপৰত৷ হিংসাৰ সূত্রপাত ঘটা নুহৰ পৰা প্রায় ২০ কিলোমিটাৰ দূৰৈৰ তৌৰু চহৰৰ মহম্মদপুৰ পথৰ সমীপত এইসকল লোকে বস্তি পাতি বসবাস কৰিছিল৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ২৫০ জুপুৰি সাজি লোৱা প্রায় এক একৰ ভূমি হৈছে হাৰিয়ানা নগৰ প্রাধিকৰণৰ অধীনস্থ৷ বাতৰিটোত উল্লেখ কৰা অনুসৰি অসম এৰি গৈ এইসকল লোকে বিগত চাৰি বছৰ ধৰি উক্ত চৰকাৰী ভূমিখণ্ডত বেদখলেৰে বসবাস কৰি আছিল৷ লক্ষণীয়ভাৱে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰ আৰু নুহ জিলা প্রশাসনে ইতিপূর্বে হিংসাত্মক ঘটনাৰ আঁৰত অনুপ্রৱেশকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে কালি বিয়লিৰ ভাগত তৌৰু চহৰৰ মহম্মদপুৰ পথত বুলড’জাৰ চলোৱা হয়৷ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰৰ নির্দেশতে এই উচ্ছেদ অভিযান চলোৱা হৈছিল বুলি সূত্রৰ উদ্ধৃতিৰে ‘এনডিটিভি’ৰ বাতৰিটোত উল্লেখ কৰা হৈছে৷ উচ্ছেদৰ সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে বিভিন্ন বিভাগৰ শীর্ষ বিষয়াবর্গ উপস্থিত আছিল৷ বর্তমানেও হাৰিয়ানা আৰক্ষী–প্রশাসনৰ স্পষ্ট দাবী– ভিএইচপিৰ ‘ব্রজ মণ্ডল যাত্রা’ত হোৱা আক্রমণত ‘বহিৰাগত’ অনুপ্রৱেশকাৰীয়েই জড়িত৷ উল্লেখ্য যে নুহত ভিএইচপিৰ সমদলকাৰীৰ ওপৰত চলা আক্রমণৰ পিছতেই ৰাজ্যখনৰ কেইবাখনো জিলালৈ সম্প্রসাৰিত হয় হিংসা৷ এক কথাত ক’বলৈ গ’লে সাম্প্রদায়িক সংঘাতত বিধ্বস্ত হৈ পৰিছে হাৰিয়ানা৷ ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ–অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে৷ নুহ, মেৱাট, ফৰিদাবাদ, পালোৱাল আদি জিলাত ইণ্টাৰনেট সেৱাত নিষেধাজ্ঞা আৰোপ কৰিবলগীয়া হৈছে প্রশাসনে৷ দেশৰ ৰাজধানী সংলগ্ন অঞ্চল গুৰগাঁও পর্যন্ত বিয়পি পৰা এই সাম্প্রদায়িক সংঘর্ষত দুজন গৃহৰক্ষী বাহিনীৰ জোৱান আৰু এজন ধর্মগুৰুসহ ৬জন লোকে প্রাণ হেৰুওৱাৰ সমান্তৰালভাৱে বহুজন আহত হৈছে৷ হাৰিয়ানা আৰক্ষীয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি বর্তমান পর্যন্ত ৪১টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১৭৬জনক গ্রেপ্তাৰ আৰু ৯০জনক আটক কৰা হৈছে ঘটনা সন্দর্ভত৷ তদুপৰি সামাজিক মাধ্যমত দিয়া বিতর্কিত পোষ্টক লৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৭খন এফ আই আৰ দাখিল কৰিছে৷ দেশ জোকাৰি যোৱা এই সাম্প্রদায়িক সংঘর্ষ সন্দর্ভত হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰ লাল খট্টৰৰ মন্তব্য– ‘আমাৰ চাইবাৰ বিভাগেও তদন্ত কৰি আছে৷ পৰীক্ষা কৰা হৈছে সামাজিক মাধ্যম আৰু টেলিফোনিক কথোপকথনৰ ৰেকর্ডবোৰ৷ ইয়াৰ জৰিয়তে কোনে কাক কিমানবাৰ ফোন কৰিছিল, তাৰ তথ্য পোৱা যাব৷ চিচি টিভি ফুটেজো পৰীক্ষা কৰা হৈছে৷ সমগ্র ঘটনাৰ তদন্ত সম্পূর্ণ হোৱাৰ পিছতহে সকলো কথা কোৱাটো উচিত হ’ব৷’

You might also like