নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কৰ্ণাটকৰ এজন যুৱক সম্প্ৰতি ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। দৰাচলতে ছচিয়েল মিডিয়াৰ দাবী অনুসৰি যুৱক জনে ১০০ মিটাৰ দৌৰ মাত্ৰ ৯.৫৫ ছেকেণ্ডত অতিক্ৰম কৰিছে লগতে যুৱকজনে উছেইন বল্টৰ অভিলেখ ভংগ কৰিছে। কৰ্ণাটকৰ যুৱক শ্ৰীনিবাস শ্ৰীনিৱাস গৌড়াই পৰম্পৰাগত ষাঁড় গৰুৰ দৌৰত ১৩.৬২ ছেকেণ্ডত ১৪২.৫০ মিটাৰ অতিক্ৰম কৰে। অৰ্থাৎ ১০০ মিটাৰ দৌৰ ৯.৫৫ ছেকেণ্ডত অতিক্ৰম কৰিছে। গৌড়াৰ সেই ভিডিঅ’ ছচিয়েল মিডিয়াত খুব ভাইৰেল হৈছে। এতিয়া সম্পৰ্কে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে টুইট কৰি শ্ৰী নিৱাসক অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছে। মন্ত্ৰী গৰাকীয়ে টুইটাৰত লিখিছে যে মই ছাইৰ প্ৰশিক্ষকৰ দ্বাৰা কৰ্ণাটকৰ শ্ৰী নিৱাস গৌড়াক অনুশীলনৰ বাবে মাতিম লগতে উল্লেখ কৰে যে ভাৰতৰ কোনো প্ৰতিভা যাতে পিছপৰি নাযায়। সোমবাৰৰ পৰা শ্ৰীনিবাসে ছাই প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন কৰিব।
Yes @PMuralidharRao ji. Officials from SAI have contacted him. His rail ticket is done and he will reach SAI centre on monday. I will ensure top national coaches to conduct his trials properly. We are team @narendramodi ji and will do everything to identity sporting talents! https://t.co/RF7KMfIHAD
— Kiren Rijiju (@KirenRijiju) February 15, 2020