নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : পৰিৱতনকামী বিজেপিশাসিত মিত্ৰজোঁট ৰাজ্য চৰকাৰৰ কল্যাণকামী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত ৰাজ্যৰ সৰ্বত্ৰে চৰকাৰী ভূমি বেদখল উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ অন্তগত সোণাৰি চাপৰিত চৰকাৰী মাটি বেদখল কৰি ৰাজহুৱা স্থানৰ গছ কাটি স্থায়ী গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলোৱাৰ অভিযোগ তুলি ইয়াৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে সচেতন মহলে ৷ জনতাৰ কল্যাণকামী ৰাজ্য চৰকাৰে চৰকাৰী মাটি বেদখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপকো অংগুষ্ঠ প্ৰদৰ্শন কৰি ঘিলামৰা সামুহিক চিকিৎসালয়ৰ অন্তগত সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাটিত দীৰ্ঘ দিনে অস্থায়ীভাৱে বসবাস কৰি থকা মুকুল কোঁৱৰ (৪২) নামৰ ব্যক্তিগৰাকীয়ে সোণাৰি চাপৰি মৌ খোৱা পথৰ কাষতে স্বাস্থ্য কেন্দ্ৰৰ মাটিত থকা এজোপা গছ কাটি স্বায়ী গৃহ নিৰ্মাণৰ প্ৰস্তুতি চলোোৱাৰ বিষয়ে জানিব পাৰি স্বাস্থ্য কৰ্মীয়ে স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিক অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো ব্যৱস্থা লোৱাৰ পৰিলক্ষিত হোৱা নাই ৷ আনহাতে সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু হৰিজন কোৱাটাৰৰ কাষতে কোৱাটাৰৰ দমকলৰ পানীকে খায় অস্বায়ীভাবে বসবাস কৰা সৰু কোঁৱৰ নামৰ অসহায় লোকজনৰ দুই পুত্ৰ হোমেন্দ্ৰ কোঁৱৰ আৰু মুকুল কোঁৱৰে বৰ্তমান পৰিতক্ত অৱস্থাত থকা স্বাস্থ্য কেন্দ্ৰটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু হৰিজনৰ কোৱাটাৰলৈকে দখল কৰি স্বায়ী গ্হ নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলিও জানিবলৈ দি সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাটি বে দখল মুক্ত কৰি স্বাস্থ্য কেন্দ্ৰৰ স্বায়ী বেৰা নিৰ্মাণৰো দাবী জনাই ঢকুৱাখনা মহকুমা প্ৰশাসনক চৰকাৰী মাটি বেদখল কৰি ৰাজহুৱা স্থানৰ গছ কাটি জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি সৃষ্টি কৰা বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰো দাবী জনাইছে অঞ্চলটোৰ সচেতন মহলৰ লগতে স্বাস্থ্যকৰ্মী আৰু বিভিন্ন দল সংগঠনে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি