নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ শিক্ষা বিভাগত নজিৰবিহীন, অনুশাসনহীন কাণ্ড পোহৰলৈ।বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্ধানহীন, বিগত পাঁচ মাহত চাৰি/পাঁচ দিন উপস্থিত হৈয়েই নিখোজ হয় প্ৰধান শিক্ষক, মোবাইল ফোন পৰ্যন্ত চুইচ অফ হেনো! অৱশেষত সচেতন ছাত্ৰ অভিভাৱকে প্ৰধান শিক্ষকৰ সন্ধান বিচাৰি আজি বিদ্যালয় প্ৰাঙ্গণত ভিৰ কৰে। সকলোৰে মাজত বিয়পিছে চাঞ্চল্য-কৌতূহল। প্ৰধান শিক্ষকৰ নাম দীনেশ দলে, নগৰবেৰাৰ খামেৰী গাঁৱৰ জামে মছজিদপাৰাৰ উদয়নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ দলে।গৰমৰ বন্ধ বাদ দি একেৰাহে প্ৰায় পাঁচ মাহে বিদ্যালয়ত উপস্থিত নাই প্ৰধান শিক্ষক। ছমৰীয়া খণ্ড প্ৰাঃ শিক্ষা বিষয়াকো ৰাইজে শিক্ষক গৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে যদিও তাতো সুফল পাবলৈ সক্ষম নহ’ল। ছাত্ৰ-ছাত্ৰীয়েও নাজানে ক’ত হেৰাল প্ৰধান শিক্ষক। অৱশেষত আজি ৰাইজে বিদ্যালয়ত উপস্থিত হয় বিষয়টোক লৈ। এনেকি বাকী দুই সহ শিক্ষক, পৰিচালনা সমিতিৰ সভানেত্ৰী, কোনেও নাজানে হেড ছাৰ দীনেশ দলেৰ বৰ্তমানৰ স্থিতি। ইফালে প্ৰধান শিক্ষকৰ অনুপস্থিতিত অচলাৱস্থা নামিছে বিদ্যালয়খনত। একপ্ৰকাৰ বিঘ্নিত হোৱাৰ পথত নিয়মীয়া শিক্ষণ। প্ৰধান শিক্ষক নথকাত বিদ্যালয়ৰ অৱস্থা কদৰ্যময় হৈ পৰিছে। স্থানীয় সচেতন ছাত্ৰ অভিভাৱকে প্ৰধান শিক্ষকগৰাকীক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। একেদৰে এগৰাকী দ্বায়িত্বশীল প্ৰধান শিক্ষকক নিযুক্তি দি শিক্ষণ অসুবিধা আঁতৰাবলৈও দাবী জনালে ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস