নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰেশ বৰুৱাক অসমত এসপ্তাহ থাকি যোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বার্তা, ৮ আগষ্টঃ স্বাধীন অসমৰ দাবীৰে বছৰ বছৰ ধৰি সংগ্রাম কৰি অহা আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে শান্তি আলোচনা সময়ৰ দাবী হিচাপে বিবেচিত হৈ আহিছে৷ ৰাজ্যত শান্তিৰ পথ মুকলি কৰাৰ বাবে আলফা (স্বা) আলোচনাৰ মাজলৈ অহাটো অত্যন্ত জৰুৰী বুলিও চর্চা চলি আহিছে৷ আনকি মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত ড০ হিমন্ত বিশ্ব শর্মাই সময়ে সময়ে পৰেশ বৰুৱাক শান্তি আলোচনাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাই আহিছে৷ ইয়াৰ মাজতে মুখ্যমন্ত্রীগৰাকীয়ে আলফা (স্বা)ৰ সেনাধ্যক্ষজনক জনোৱা আন এক আহ্বান তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ এইবাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ৭ৰ পৰা ১০ দিন অসমত থাকি যাবলৈ আহ্বান জনাইছে৷ আজি তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ এক অনুষ্ঠানত অংশগ্রহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমৰ পৰিৱেশ এতিয়া সলনি হৈছে৷ ১৯৮২–৮৩ চনৰ সেই পৰিৱেশ এতিয়া আৰু অসমত নাই৷ ৭ বা ১০ দিন যদি অসমত থাকি যায় তেনেহ’লে পৰেশ বৰুৱাই পৰিৱেশটো নিজেই বুজি পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় ‘পৰেশ বৰুৱা নিজে জনাবুজা এজন ব্যক্তি৷ মই আহ্বান জনালেই যে তেওঁ আহিব তেনেকুৱা কথাও নহয়৷ তেওঁৰ নিজস্ব এটা জ্ঞান আছে, বিবেক আছে৷ কিন্তু মই ভাবো যে ৭দিন যদি তেওঁ আমাৰ ইয়াত আহি থাকি যায় তেতিয়াহ’লে তেওঁ বুজি পাব যে আগৰ অসম আৰু এতিয়াৰ অসম বহুত সলনি হৈছে৷ এটা সময়ত তেওঁৰ মনত এটা ভাব আছিল যে বাহিৰৰ পৰা অহা মানুহে গোটেই অসম দখল কৰি লৈছে৷ কিন্তু আজি কর্ণাটক–অন্ধ্রপ্রদেশ সকলো অসমীয়া ল’ৰাই থাকে৷ ’৮২–’৮৩ৰ পৰিৱেশ আজি নাই৷ গতিকে মই আলোচনা বাদ দিছো৷ মই ভাবো ৭দিন বা ১০দিন আমাৰ অতিথি হৈ অসমত থাকি যোৱাৰ পাছত পৰিৱেশ সলনি হ’ব৷ নিমন্ত্রণ কৰিছো মানে সমগ্র দায়িত্ব লৈয়েই তেওঁক নিমন্ত্রণ কৰিছো৷ ৭দিন বা ১০দিন যদি থাকি যায় পৰিৱেশটো তেওঁ নিজেই বুজি পাব৷ তেতিয়া মই বা আন কোনেও তেওঁক বুজাব নালাগে৷’ ইফালে আলফা (স্বা) আৰু চৰকাৰৰ আলোচনা সন্দর্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে কিছুমান ব্যৱহাৰিক অসুবিধাৰ বাবে আলফা (স্বা) আৰু চৰকাৰৰ মাজত আলোচনা হোৱা নাই৷ তেওঁ কয় যে পৰিস্থিতি যথেষ্ট শাম কাটিছে৷ কিছুমান ব্যৱহাৰিক অসুবিধা নাথাকিলে ইমানদিনে আলোচনা হৈ গ’লহেঁতেন৷ ইয়াৰ সমাধানৰ বাবে চেষ্টা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে আলফা (স্বা)লৈ যোৱা বহু ল’ৰা–ছোৱালী উভতি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় ‘আলফা (স্বা)লৈ যিসকল ল’ৰা–ছোৱালী গৈছে বহুসংখ্যক ঘূৰি আহিছে আৰু ঘূৰি আহিবৰ বাবে আমাৰ লগত যোগাযোগ কৰি থাকে৷ বিশেষকৈ ম্যানমাৰত এতিয়া নাগালেণ্ডৰ দুটা বিদ্রোহী গোটৰ মাজত বহু ডাঙৰ যুদ্ধ চলি আছে৷ অসমৰ ল’ৰা–ছোৱালী তাত যথেষ্ট দুখ–কষ্টৰ মাজত আছে৷ গতিকে মই ভাবো যে যোৱাটো বাদ দিয়ক আৰু থকাকেইজনো উভতি আহক৷’ লক্ষণীয় যে মুখ্যমন্ত্রীগৰাকীয়ে ইয়াৰ পূর্বেও কেইবাবাৰো পৰেশ বৰুৱা শান্তি আলোচনাৰ মেজলৈ ঘূৰি আহিবলৈ আহ্বান জনাই আহিছে৷ ইয়াৰ মাজতে তেওঁৰ আজিৰ এই বক্তব্যই যথেষ্ট তাৎপর্য বহন কৰা বুলি সচেতন মহলৰ মাজত চর্চিত হৈছে৷

You might also like