নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত এজন

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ বর্তমান ৰাজ্যৰ বিভিন্ন স্থানত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাই থকাৰ সমান্তৰালকৈ বৰপেটা-বাক্সা জিলাৰ সীমামুৰীয়া শিমলাঝাৰ গাঁৱৰ এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি জাপানিজ এনকেফেলাইটিছ সংক্ৰমণে শংকিত কৰি পেলাইছে সাধাৰণ জনতাক। শেহতীয়াকৈ হাউলী মৌজাৰ অন্তৰ্গত বৰপেটা-বাক্সাৰ সীমামুৰীয়া শিমলাঝাৰ গাঁৱৰ শিকদাৰ গোলাম মোস্তফা নামৰ এজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। জানিব মতে দীৰ্ঘদিন ধৰি পক্ষাঘাত ৰোগাক্ৰান্ত উক্ত লোকজনৰ যোৱা কেইবা দিন ধৰি জ্বৰ আৰু অন্যান্য কিছু উপসৰ্গ দেখা দিয়াত নলবাৰীৰ এক ব্যাক্তিগত নাৰ্ছিংহোমত ভৰ্তি কৰায়। চিকিৎসকে ৰোগীজনৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰা পিছত সন্দেহবসত পৰীক্ষাৰ বাবে তেজৰ নমুনা নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু পৰীক্ষা কৰাৰ পিছত জাপানীজ এনকেফেলাটিছ বুলি নিশ্চিত হয়। শিমলাঝাৰ গাঁৱৰ শিকদাৰ গোলাম মোস্তফা নামৰ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত লোকজন সম্প্ৰতি সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । জাপানিজ এনকেফেলাইটিছ আক্ৰান্তৰ গাঁৱৰ তথা কাষৰীয়া ৰাইজ বৰ্তমান শংকাত ভূগিছে। শীঘ্ৰে আক্ৰান্ত অঞ্চলৰ ৰাইজে স্বাস্থ্য বিভাগকক ধোঁৱা দিয়াৰ লগতে অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

প্ৰেৰক বুলবুল হুছেইন

You might also like