নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী বনজুইৰ গ্রাসত হাৱাই দ্বীপপুঞ্জ

🔹 পর্যটন চহৰ লাহাইনাত ৩৬জনৰ মৃত্যু
🔹 প্রাণৰক্ষাৰ বাবে সাগৰত জাঁপ অসহায় লোকৰ
বিশেষ বাৰ্তা, ১১ আগষ্ট : হাৱাই দ্বীপপুঞ্জত মহাপ্রলয় ভয়াৱহ বনজুইৰ কবলত পৰিছে হাৱাই দ্বীপপুঞ্জৰ বিস্তীর্ণ অঞ্চল৷ জুইৰ লেলিহান শিখাই গ্রাস কৰিছে হাৱাই মাউই দ্বীপ৷ জুইৰ লেলিহান শিখাই গ্রাস কৰিছে এটাৰ পাছত এটা অঞ্চল৷ ইয়াৰ ফলত প্রবল বিপর্যয়ৰ সন্মুখীন হৈছে সাধাৰণ জনতা৷ ইতিমধ্যে মাউই দ্বীপৰ পর্যটন চহৰ লাহাইনাত মৃত্যু হৈছে কমপক্ষেও ৩৬গৰাকী লোকৰ৷ আহত হৈছে আন কেইবাডজনো লোক৷ হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ প্রশান্ত মহাসাগৰৰ সামুদ্রিক ধুমুহাই কোবোৱাৰ লগে লগে বনজুইৰ দ্রুত প্রসাৰ ঘটিছে হাৱাইৰ বিভিন্ন অঞ্চললৈ৷ ধোঁৱা আৰু জুইৰ লেলিহান শিখাই অসহায় পৰিস্থিতিত পেলাইছে সাধাৰণ লোকক৷ বিস্তীর্ণ অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷ ম’বাইল নেটৱর্ক সেৱাও স্তব্ধ হৈছে হাৱাইৰ কেইবাখনো চহৰত৷ এই বনজুইৰ গ্রাসত পৰাৰ ফলত পুৰি ছাই হৈছে ২৭১টা প্রাসাদ৷ প্রতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকার্য ব্যাহত হোৱা বুলি সংবাদ সংস্থা বিবিচিয়ে সদৰী কৰিছে৷ স্থানীয় বাসিন্দাৰ মতে লাহাইনা চহৰ সম্পূর্ণৰূপে পুৰি ভস্ম হৈছে৷ যেন মুহূর্ততে মহাপ্রলয়ে ধ্বংসস্তূপত পৰিণত কৰিছে লাহাইনা চহৰক৷ ইফালে, এই ভয়াৱহ বনজুইৰ পৰা ৰক্ষা পাবলৈ বহু লোকে সাগৰৰ পানীত জাঁপ দিয়া বুলি সদৰী কৰিছে সংবাদ মাধ্যমে৷ জুই নির্বাপণৰ বাবে মোতায়েন কৰা হেলিকপ্টাৰৰ পাইলট এজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি বোমাত পুৰি ছাই হোৱাৰ দৰে ভস্ম হৈছে লাহাইনা৷

You might also like