🔹 ইন্টেৰিয়ৰ ডিজাইনাৰ হিচাপে ৰাজ্যলৈ সুনাম কঢ়িয়ালে অভিজিতে
বিশেষ বাৰ্তা, ১৩ আগষ্ট : এইবাৰ বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিছে ইন্টেৰিয়ৰ ডিজাইনাৰ অভিজিত দে’ই। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বিশ্বনাথৰ অভিজিত দে’ক ইণ্ডিয়া ডিজাইন এৱাৰ্ড ২০২৩ প্ৰদান কৰে ব্লাইণ্ড উইংকে । উল্লেখ্য যে বিশ্বনাথৰ অতি পিছপৰা অঞ্চল অসম-অৰুণাচল সীমান্তৰ ধূলি চাহ বাগিচাত জন্মগ্ৰহণ কৰি চাহ বাগিচাৰ পৰিৱেশত থাকি ডাঙৰ-দীঘল হৈ ইন্টেৰিয়ৰ ডিজাইনৰ প্ৰতি আকৰ্ষিত হয় অভিজিত। বিশ্বনাথ চাৰিআলিত বসবাস কৰা অভিজিত দে’ই বহি:ৰাজ্যলৈ গৈ ইন্টেৰিয়ৰ ডিজানিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি ২০০৭ চনত বিশ্বনাথ চাৰিআলিত নিজে এখন ফাৰ্ম আৰম্ভ কৰে। এই ফাৰ্মৰ দ্বাৰাই অভিজিত দে’ই প্ৰথমে বিশ্বনাথত ইন্টেৰিয়ৰ ডিজাইনৰ কাম আৰম্ভ কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ৰ ইন্টেৰিয়ৰ ডিজাইনৰ কাম কৰাৰ লগতে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আদিত প্ৰফেচনেল ইন্টেৰিয়ৰ ডিজাইনিঙৰ কাম কৰিবলৈ আৰম্ভ কৰে। ২০১২ চনৰ পৰা অভিজিতে অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত মিউজিয়ামৰ কাম কৰিবলৈ আৰম্ভ কৰে।অভিজিতৰ লেখত ল’বলগীয়া কাম হ’ল ইটানগৰৰ নৰ্থ ইষ্ট গেলেৰী, জৈৰামপুৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ চিমাত্ৰি মিউজিয়ামৰ কাম। ইটানগৰৰ নৰ্থ ইষ্ট গেলেৰীৰ কামৰ বাবে ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে কমেণ্ট বুকত ইন্টেৰিয়ৰ কামৰ যথেষ্ট প্ৰশংসা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত অভিজিত দে’ক ব্লাইণ্ড উইংকে বেংগালুৰুৰ হোটেল তাজত অনুষ্ঠিত কৰা সভাত ইণ্ডিয়া ডিজাইন এৱাৰ্ড ২০২৩ প্ৰদান কৰে। বিশ্বনাথতো বিভিন্ন শুভাকাংক্ষীয়ে অভিজিত দে’ক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে। আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানত বিশ্বনাথৰ দৰে এটা সৰু স্থানৰ লোকে এনে এক সন্মান লাভ কৰা কাৰ্যৰ শলাগ লৈছে।
প্ৰেৰক জয়ন্ত বৰা