বিশ্বপ্রসিদ্ধ অজন্তা–ইলোৰা
- প্রণামী বর্মন
ভ্রমণপ্রিয়তা সকলোৰে বাবে উল্লেখনীয় দিশ৷ ভাৰত এনে এখন ঠাই, য’ত ভ্রমণ কৰিব পৰা বহুতো আকর্ষণীয় ঠাই আছে৷ সি লাগিলে নৈসর্গিক প্রাকৃতিক পৰিৱেশেই হওক, মঠ–মন্দিৰেই হওক, পৰিষ্কাৰ ঠাই নাইবা তেনে কোনো অঞ্চলেই হওক৷ বিপৰীতে ভাৰত হৈছে বুৰঞ্জীপ্রসিদ্ধ ঠাই৷ বহু ধৰণৰ ঐতিহাসিক সমলেৰে ভৰি আছে ভাৰত৷ ভাৰতৰ সংস্কৃতি হৈছে ধর্মীয়৷ ধর্মৰ ওপৰত অগাধ বিশ্বাস ভাৰতীয় সংস্কৃতিৰ চূড়ান্ত নিদর্শন৷ ৰামায়ণ–মহাভাৰতৰ্ যুগৰ প্রামাণিক তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বহু মঠ–মন্দিৰ, ঐতিহাসিক ঠাই, পর্যটনস্থলী হিচাপে স্বীকৃতি লাভ কৰিছে৷ এই সকলোবোৰৰ উপৰি ভাৰতত আছে অন্য এক নিদর্শন৷ সেয়া হৈছে স্থাপত্য ভাস্কর্যৰ নিদর্শন৷ মহেঞ্জোদাৰো–হৰপ্পাৰ্ নিদর্শন, অসমৰ বিভিন্ন ভাস্কর্য শিল্পৰ দৰে অন্যতম নিদর্শন হৈছে অজন্তা–ইলোৰাৰ নিদর্শন৷ ঠাই হিচাপে দুয়োখিনিৰ মাজৰ দূৰত্ব ভালেখিনি আছে যদিও ইয়াৰ নাম একেলগে লোৱা হয়৷ দুয়োটা ভাস্কর্য নিদর্শনৰ মূল তাৎপর্য কিন্তু একেই৷ সেয়া হৈছে ধর্মীয়৷ প্রার্থনা গৃহ, গুৰুগৃহ, ধর্মীয় দিশৰ ভাস্কর্যক সুন্দৰ ৰূপত উপস্থাপন কৰা আছে অজন্তা–ইলোৰাত৷ গতিকে ইতিহাসক জনাৰ সুবিধা থকাৰ লগতে ভ্রমণবিলাসী লোকৰ পর্যটনস্থলী হিচাপেও প্রসিদ্ধ অজন্তা–ইলোৰা৷
ভাৰতবর্ষৰ ঐতিহ্যপূর্ণ স্থানসমূহৰ ভিতৰত অজন্তা আৰু ইলোৰা অন্যতম৷ পর্যটন ক্ষেত্রত অজন্তা আৰু ইলোৰাৰ গুহাবোৰ মুখ্য আকর্ষণৰ কেন্দ্রস্থল৷ ইয়াত নির্মিত ভাস্কর্য শিল্প কলাপ্রেমীসকলৰ বাবে অতিকৈ আদর্শপূর্ণ৷ অজন্তা–ইলোৰা ভাৰতৰ মহাৰাষ্ট্রৰ ঔৰংগাবাদ জিলাৰ অন্তর্গত৷ অজন্তা–ইলোৰাৰ মাজত দূৰত্ব প্রায় ১০০ কিলোমিটাৰ৷ সৌন্দর্যকলা আৰু পুৰাতাত্ত্বিক গুণবোৰৰ ক্ষেত্রত দুয়োখন ঠাইৰ নাম একেলগে লোৱা যায়৷ বামোৰ নদীৰ সমীপত বিশালকায় শিলবোৰ কাটি গুহাবোৰ নির্মাণ কৰা হৈছিল আৰু এই গুহাবোৰত থকা চিত্রশিল্পত যেনেকৈ জীৱিত ৰূপত প্রতিফলিত কৰিছে, সেইবোৰ চাবলৈ অতি আশ্চর্যজনক৷ ইয়াত থকা কাৰিকৰী আৰু ভাস্কর্যশিল্প ভাৰতীয় শিল্পকলাৰ উল্লেখযোগ্য উদাহৰণ৷ অজন্তা–ইলোৰাৰ মূর্তিবোৰ আৰু ইয়াৰ চাৰিওফালৰ সেউজীয়া পাহাৰৰ পৰিৱেশ চাবলৈ অতিকৈ মনোমোহা৷
অজন্তাত থকা গুহাবোৰৰ দেৱালত অংকিত মূর্তিবোৰে বৌদ্ধ ধর্মৰ লগত জড়িত থকা দেখা যায় আৰু ইলোৰাৰ গুহাবোৰৰ দেৱালত অংকিত মূর্তিবোৰ বৌদ্ধধর্ম, জৈন ধর্ম আৰু হিন্দু ধর্মৰ লগত জড়িত৷ অজন্তাৰ গুহাবোৰ ১৯৮৩ চনত ইউনেস্ক’ই বিশ্ব ঐতিহ্যপূর্ণ স্থানত অন্তর্ভুক্ত কৰে৷ অজন্তাত ২৭টা গুহাৰ বিপৰীতে ইলোৰাত ৩৪টা গুহা দেখিবলৈ পোৱা যায়৷
অজন্তা : ঔৰংগাবাদৰ পৰা ১০০ কিলোমিটাৰ উত্তৰে অজন্তাৰ গুহাবোৰ অৱস্থিত৷ অজন্তাৰ অজ্ঞাশ্রী পাহাৰত অৱস্থিত ৩০টা গুহাৰ ৫টা প্রার্থনা ভৱন আৰু ২৫টা বৌদ্ধ মঠ আছে৷ এই গুহাবোৰ ১৮১৯ চনত জন স্মিথ আৰু তেওঁৰ দলটোৱে আৱিষ্কাৰ কৰিছিল৷ তেওঁলোকে যেতিয়া চিকাৰ কৰিব আহিছিল, তেতিয়া কঠাৰবদ্ধত ২৭টা গুহাৰ শৃংখল দেখা পাইছিল৷ তেনেকৈ অজন্তাৰ গুহাবোৰ প্রসিদ্ধ হৈছিল৷ ঘোঁৰাৰ খুৰাৰ আকৃতিত নির্মিত গুহাবোৰ প্রাচীন ঐতিহ্যপূর্ণ৷ অজন্তাৰ গুহাবোৰৰ দেৱালত প্রাচীন যুগৰ সুন্দৰী অপেশ্বৰী আৰু ৰাজকুমাৰীৰ সুন্দৰ মূর্তি অংকিত কৰা হৈছে৷ যিবোৰ অজন্তাৰ গুহাৰ চিত্রকলা আৰু সৌন্দর্যতাৰ উৎকৃষ্ট উদাহৰণ৷ ইয়াৰ গুহাবোৰক দুটা ভাগত বিভক্ত কৰা হৈছে৷ এটা ভাগক বৌদ্ধ ধর্মৰ হীনযান আৰু দ্বিতীয় ভাগক মহাযান সম্প্রদায়ত ভাগ কৰা হৈছে৷ হীনযান ভাগত দুটা প্রার্থনা ঘৰ আৰু ৪টা বৌদ্ধ ভিক্ষুৰ আশ্রয়ৰ ঘৰ আছে৷ মহাযান ভাগত ৩টা প্রার্থনা ঘৰ আৰু ১১টা বৌদ্ধ ভিক্ষুৰ আশ্রয়ৰ বাবে ঘৰ আছে৷ এই ঘৰবোৰৰ দেৱালত বৌদ্ধ ভিক্ষুৰ সুন্দৰ মূর্তি অংকিত কৰা আছে৷ হাতুৰি আৰু চিলীৰ সহায়ত বনোৱা এই মূর্তিবোৰ প্রাচীন সভ্যতাৰ ভাস্কর্য শিল্পৰ নিদর্শন৷
ইলোৰা : ঔৰংগাবাদৰ পৰা ৩০ কিলোমিটাৰ দূৰত ইলোৰাৰ গুহাবোৰ অৱস্থিত৷ ইলোৰাত মুঠ ৩৪টা গুহা দেখিবলৈ পোৱা যায়৷ এই গুহাবোৰ বৈশালী পাহাৰৰ সমীপত নির্মাণ কৰা হৈছিল৷ এই গুহাবোৰত নির্মিত মূর্তিবোৰ হিন্দু, জৈন আৰু বৌদ্ধ তিনিটা ধর্মৰ প্রতি দর্শোৱা মিলাপ্রীতি, একতাৰ আদর্শস্বৰূপ৷ ইলোৰাৰ গুহাৰ দক্ষিণৰ ফালে ২২টা বৌদ্ধ ধর্মৰ মাজৰ ১৭টা গুহা হিন্দু ধর্মৰ আৰু উত্তৰৰ ৫টা গুহা জৈন ধর্মৰ ওপৰত আধাৰিত৷ বৌদ্ধ ধর্মৰ ওপৰত আধাৰিত গুহাবোৰত অংকিত মূর্তিবোৰত বুদ্ধৰ জীৱনৰ স্পষ্ট ৰূপ ৰূপায়ণ কৰিছে৷ এই মূর্তিবোৰ দর্শন কৰি এনেকুৱা লাগে যেন ধ্যানমগ্ণ বুদ্ধই আজিও আমাক শান্তিময়, সদ্ভাব, একতাৰ বার্তা দি আছে৷
ঐতিহাসিক ঠাই ভ্রমণ কৰি ভালপোৱা লোকৰ বাবে হ’ব পাৰে অজন্তা–ইলোৰা অন্যতম পর্যটনস্থলী৷ ইয়াত থকা গুহাবোৰৰ ভিতৰত মূর্তিবোৰে ধর্মীয় টান আৰু একতাৰ উপযুক্ত নিদর্শন৷ অজন্তা আৰু ইলোৰাৰ গুহাবোৰৰ শিল্পকলা আৰু সৌন্দর্যতাই পূর্ব যুগৰ সম্পদসমূহৰ প্রতিভা আৰু অতীতৰ কথা সোঁৱৰাই দিয়ে৷
ঔৰংগাবাদৰ পৰা অজন্তালৈ দূৰত্ব ১০০ কিলোমিটাৰ আৰু ইলোৰালৈ ৩০ কিলোমিটাৰ৷ মুম্বাই, পুনে, আহমেদাবাদ, নাছিক, ইন্দোৰ, ধূলে, জলগাঁও, চির্দী আদি চহৰৰ পৰা ঔৰংগাবাদলৈ বাছ সেৱা উপলব্ধ৷ সোমবাৰৰ দিনটো বাদ দি বাকী সকলো বাৰতে অজন্তা–ইলোৰা দর্শন কৰিব পৰা যায়৷ ঔৰংগাবাদ ৰে’ল ষ্টেচনৰ কাষতে মহাৰাষ্ট্র চৰকাৰৰ পর্যটন বিভাগৰ হোটেল আছে৷ ইয়াত পর্যটকসকলৰ বাবে বিশ্রামৰ ব্যৱস্থা আছে৷ ইয়াৰ উপৰি চির্দী আৰু নাছিকতো আছে বিশ্রামৰ ব্যৱস্থা ৷