নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগীক ঘৰৰ পৰা এম্বুলেঞ্চলৈ কান্ধত কঢ়িয়াই আনিলে ৫০০ মিটাৰ পথ

নিঃস্বার্থ সেৱাত ব্রতী তিতাবৰৰ এজন মানৱদৰদী চিকিৎসক

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ যি সময়ত বহু চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাত গাফিলতি কৰা, ৰোগী আৰু ৰোগীৰ আত্মীয়ক বেয়া ব্যৱহাৰ কৰাৰ বিভিন্ন অভিযোগ সঘনে শুনা যায়, সেই সময়তে যোৰহাট জিলাৰ তিতাবৰত কর্মৰত এজন চিকিৎসকৰ নিঃস্বার্থ সেৱাই ব্যাপক চর্চা লাভ কৰিছে৷ বিশেষকৈ চৰকাৰী চিকিৎসালয়ৰ একাংশ চিকিৎসক আৰু চিকিৎসা কর্মীৰ ক্ষেত্রত এনে অভিযোগ সঘনে শুনা যায়৷ কিন্তু তিতাবৰ মহকুমাৰ বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্রৰ দোলেন বৰা নামৰ মানৱদৰদী চিকিৎসকজনে চিকিৎসালয়ৰ ডিউটী নথকা সময়ত গাঁও, চাহ বাগিচা অঞ্চল আদিত কোনো লোকৰ গুৰুতৰ অসুখৰ খবৰ পালে ঘৰত গৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে৷ যোৱা শুকুৰবাৰে বৰহোলা চাহ বাগিচাৰ টেঙাতলীৰ চম্পা গড নামৰ প্রায় ৬০ বছৰীয়া এজন লোক উচ্চ ৰক্তচাপত গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ এই খবৰ লাভ কৰি চিকিৎসক দোলেন বৰা প্রায় সাত কিলোমিটাৰ দূৰত্বৰ বাগানৰ ৰোগীজনৰ ঘৰত উপস্থিত হয়৷ ৰোগীৰ অৱস্থা গুৰুতৰ দেখি তেওঁ ১০২ এম্বুলেঞ্চক খবৰ দিয়ে৷ ১০২ ৰোগী আনিবলৈ যায় যদিও চাহ বাগিচাৰ ঠেক ৰাস্তা আৰু এটা কালভার্ট ভাগি থকাত ৰোগীৰ ঘৰলৈ যাব নোৱাৰি প্রায় পাঁচশ মিটাৰ আঁতৰতে ৰাখিবলগীয়া হ’ল৷ সেই মুহূর্তত ৰোগীৰ ঘৰত পুৰুষ নাছিল, আছিল মাথোঁ কেইগৰাকীমান মহিলা৷ যাৰ বাবে চিকিৎসকজনে ৰোগীৰ দুয়োখন ভৰি নিজৰ কান্ধত তুলি মূৰৰ ফালে মহিলাকেইগৰাকীক ধৰিবলৈ দি এম্বুলেঞ্চৰ ওচৰলৈকে প্রায় পাঁচশ মিটাৰ লৈ যায়৷ ইমানেই নহয়, ৰোগীৰ লগতে তেওঁ তিতাবৰ অসামৰিক চিকিৎসালয়লৈ গৈ ৰোগীজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্রেৰণৰ ব্যৱস্থা কৰে৷ এজন ৰোগীক বচাবলৈ এনেদৰে আপ্রাণ চেষ্টা কৰে এইজন মানৱ দৰদী চিকিৎসকে৷ কিন্তু দুর্ভাগ্যৰ কথা শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰোগীজনৰ মৃত্যু হয়৷ কিন্তু তিতাবৰৰ সর্বত্র এতিয়া চিকিৎসকগৰাকীৰ মহানুভৱতাই ব্যাপক চর্চা লাভ কৰিছে৷

You might also like