নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ কূটনীতি

ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্র চীনৰ মাজত সীমা বিবাদৰ ভয়াৱহ সমস্যাটো দশক দশক ধৰি চলি আহিছে ৷ বিবদমান সীমাক লৈ ভাৰত আৰু চীনে কেইবাবাৰো আলোচনাত মিলিত হৈছে যদিও এতিয়ালৈকে সু–মীমাংসাত উপনীত হ’ব পৰা নাই৷ আন্তর্জাতিক সীমা, প্রকৃত নিয়ন্ত্রণৰেখাক লৈ দুয়োখন দেশৰ মাজত বিবাদে দশক দশক ধৰি উত্তেজনা অব্যাহত ৰাখিছে৷ কূটনৈতিক, ৰাজনৈতিক আৰু সামৰিক আলোচনাৰ মাজেৰে দুয়ো দেশে বিবদমান সীমাৰ সমস্যা সমাধান কৰাত আগ্রহী যদিও এতিয়ালৈকে ই সম্ভৱ হৈ উঠা নাই৷ সীমান্তত চুবুৰীয়া ৰাষ্ট্র চীনে আগ্রাসী মনোভাব গ্রহণ কৰাৰ পৰিপ্রেক্ষিততে ভাৰতৰ সৈতে এতিয়ালৈকে বিবদমান সীমাক লৈ সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ কেন্দ্রীয়শাসিত অঞ্চল লাডাখৰ পৰা হিমাচল প্রদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচলৰ সৈতে চীন–ভাৰতৰ সীমা অৱস্থিত৷ এই সীমামূৰীয়া অঞ্চলত চীনৰ সেনাই প্রায়ে বে–আইনীভাৱে ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰি ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই আহিছে৷ চীনৰ প্রতিটো এনে বে–আইনী কার্যকলাপক ভাৰতে যথোচিত প্রত্যুত্তৰ দি আহিছে৷ ভাৰত আৰু চীনৰ সীমান্তক তিনিটা ভাগত বিভক্ত কৰি ৱেষ্টার্ন ছেক্টৰ, মিডিল ছেক্টৰ আৰু ষ্টার্ন ছেক্টৰ নামকৰণ কৰা হৈছে৷ এই তিনিওটা ছেক্টৰতে সীমান্তৰ সমীপতে চীনে সামৰিক বাহিনীৰ বাবে আন্তঃগাঁথনি নির্মাণ কৰি ভাৰতক প্রত্যাহ্বান জনাই আছে৷ অৱশ্যে ভাৰতেও চীনক প্রত্যাহ্বান জনাবলৈ সীমান্তত নিজৰ স্থিতি শক্তিশালী কৰি গৈ আছে৷ লাডাখৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশলৈকে ৩,৪৪০ কিলোমিটাৰ দৈর্ঘ্যৰ বিবদমান সীমান্ত আছে৷ এই অঞ্চলত দুয়োখন দেশে যিকোনো কার্যকলাপ চলাই নিয়াৰ প্রতিবন্ধকতা আছে যদিও চীনে গোপনে এনে বিবদমান অঞ্চলত কার্যকলাপ চলাই আহিছে৷ এই লৈ দুয়োখন দেশৰ মাজত প্রায়ে সংঘাতৰ সৃষ্টি হয়৷ ২০২০ চনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত ভয়াৱহ সংঘর্ষ হৈছিল৷ এই সংঘর্ষ দুয়োখন দেশৰ মাজত সংঘটিত হোৱা সংঘর্ষৰ সবাতোকৈ ভয়াৱহ আছিল৷ চীনে ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই আনি বিবদমান অঞ্চলৰ লগতে সীমাৰ সমীপতে নিজৰ আন্তঃগাঁথনি নির্মাণ কৰাত নতুন দিল্লীয়ে বিৰোধিতা কৰি আহিছে৷ মন কৰিবলগীয়া যে ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত প্রত্যক্ষ যুদ্ধ হৈছিল৷ এই যুদ্ধত চীনা সেনাৰ হাতত ভাৰত পৰাজিত হৈছিল৷ ইয়াৰ পাছৰে পৰা দুয়ো দেশৰ মাজত প্রত্যক্ষ যুদ্ধ হোৱা নাই৷ কিন্তু চীন আৰু ভাৰতৰ মাজত সীমা বিবাদক লৈ শীতল যুদ্ধ এখন চলি আছে৷
ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই চীনে প্রতি বছৰে নতুনকৈ মানচিত্র প্রকাশ কৰি আহিছে৷ নতুন দিল্লীত জি–২০ সন্মিলন অনুষ্ঠিত হোৱাৰ কেইদিনমান পূর্বে চীনৰ মানচিত্রত ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশক অন্তর্ভুক্ত কৰাৰ লগতে আকছাই চীনকো সাঙুৰি লৈছে৷ চীনে চৰকাৰীভাৱে প্রকাশ কৰা মানচিত্রখনত ভাৰতৰ অভিন্ন অংগ অৰুণাচল প্রদেশক সাঙুৰি লোৱাৰ লগতে বিবদমান বুলি চর্চিত আকছাই চীনকো সন্নিৱিষ্ট কৰিছে৷ দেশখনৰ এই কার্যৰ তীব্র বিৰোধিতা কৰিছে নতুন দিল্লীয়ে৷ উল্লেখ্য যে মানচিত্রত অৰুণাচল প্রদেশক সাঙুৰি লোৱাটো চীনৰ এক পৰম্পৰা হৈ উঠিছে৷ তদুপৰি অৰুণাচল প্রদেশক চীনৰ তিব্বতৰ এক অংশ হিচাপে মানচিত্রত সাঙুৰি লোৱাই নহয়, অৰুণাচল প্রদেশৰ কেইবাটাও অঞ্চলৰ নাম চীনে নিজৰ পৰম্পৰাগত নামেৰে নামকৰণ কৰিছে৷ অৰুণাচল প্রদেশক মানচিত্রত সাঙুৰি লোৱা চীনৰ এই কার্যক নতুন দিল্লীয়ে তীব্র বিৰোধিতা কৰিছে৷ নতুন দিল্লীৰ এই বিৰোধিতাৰ পাছতে চীনেও এই সন্দর্ভত প্রত্যুত্তৰ দি দেশখনৰ নতুন মানচিত্র সার্বভৌমত্বৰ নিয়মীয়া অনুশীলন বুলি দাবী কৰিছে৷ অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰি মানচিত্রত সাঙুৰি লোৱা চীনে আনকি ভাৰতক এই সন্দর্ভত ব্যৱস্থাৰ কাৰণে অধিক আগ্রাসী নহ’বলৈ পৰোক্ষভাৱে পৰামর্শ আগবঢ়াইছে৷ প্রশ্ণ উত্থাপন হৈছে– চীনে কিয় ভাৰতৰ অভিন্ন অংগ অৰুণাচল প্রদেশক নিজৰ বুলি দাবী কৰে৷ বিবদমান সীমাক লৈ দুয়ো দেশৰ মাজত চলি থকা সংঘাতক কূটনৈতিকভাৱে নিজৰ পক্ষৰ স্থিতি শক্তিশালী কৰি ৰাখিবলৈ চীনে মানচিত্রক লৈ কূটনীতি কৰি আহিছে৷ চীনৰ এই মানচিত্রৰ কূটনীতি নতুন দিল্লীয়ে শক্তিশালী ৰূপত প্রতিহত কৰিব লাগিব৷

You might also like