নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা শিলচৰ-কইম্বাটুৰ এক্সপ্ৰেছ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ১২৫১৬নং শিলচৰ-কইম্বাটুৰ এক্সপ্ৰেছ। বৈদ্যুতিক তাঁৰ ছিগি ৰে’লৰ চকাত সোমাই যোৱাৰ বাবেই কাছাৰৰ বৰখলা চন্দ্ৰনাথপুৰ ষ্টেচনৰ কাষত আবদ্ধ হৈ পৰে তামিলনাডু অভিমুখী যাত্ৰীবাহী ৰে’লখন। জানিব পৰা মতে, তাঁৰৰ সৈতে একাধিক খুঁটা ভাঙি ট্ৰেনৰ ওপৰত পৰে। ফলত যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে। চাৰি ঘণ্টাৰ পাছত যাত্ৰা আৰম্ভ কৰে ৰেলখনে। শিলচৰ চন্দ্রনাথপুৰ ষ্টেচনৰ সমীপত নিশা ভয়ংকৰ ঘটনা। নিৰ্মীয়মান বৈদ্যুতিক তাঁৰ ছিঙি লাগি ধৰে চলন্ত ৰে’লৰ চকাত। ফলত বহুকেইটা বিদ্যুতৰ খুঁটা ভাগি ৰে’লখনৰ ওপৰতে পৰে। শিলচৰ-কইম্বাটুৰ এক্সপ্রেছত সংঘটিত এই ঘটনা। জানিব পৰা মতে, কালি শিলচৰ ৰে’ল ষ্টেচনৰ পৰা ৭ বাজি ৫৫ মিনিটত শিলচৰ-কইম্বাটুৰ এক্সপ্রেছখনে যাত্ৰা আৰম্ভ কৰিছিল। ৯.৩০ বজাত ট্ৰেইনখন চন্দ্রনাথপুৰ এলেকাত যোৱাৰ পাছত দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰেইনৰ চকাত বৈদ্যুতিক তাঁৰ ছিগি  সোমাই যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like